মুখ্যমন্ত্ৰী পত্নীৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

Pc Wikipedia

মুখ্যমন্ত্ৰী পত্নীৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মাই সংঘটিত কৰা এলানি কেলেংকাৰীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চিবিআই আৰু ইডিৰ জৰিয়তে তদন্তৰ দাবী জনাইছে অসম তৃণমূল কংগ্ৰেছ দলে।আজি এক বিবৃতিত দলটোৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নীক প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনাৰ অধীনত ১০ কোটি টকাৰ ৰাজসাহাৰ্য লাভৰ সুবিধা কৰি দি ক্ষমতাৰ অপব্যৱহাৰৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।দলটোৱে শেহতীয়াকৈ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বিতং তথ্যৰ আঁত ধৰি কয়,’সঘনাই নীতিৰ বচন আওৰাই দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ ভাও দিয়া ড° হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ পৰিয়ালতে গঢ়ি উঠিছে দুৰ্নীতিৰ পাহাৰ। শেহতীয়াকৈ বিভিন্ন সংবাদ মাধ্যমত এই সন্দৰ্ভত প্ৰকাশ পোৱা তথ্য অনুসৰি প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাই তেওঁৰ স্বামী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ আসনৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি সাধাৰণতে নিবনুৱা যুৱক-যুৱতীৰ সুবিধাৰ বাবে থকা প্ৰধানমন্ত্ৰী কৃষক সম্পদ যোজনাৰ অধীনত ১০ কোটি টকাৰ ৰাজ সাহায্য লাভ কৰিছে। আনহাতে এই ক্ষেত্ৰত আটাইতকৈ গুৰুতৰ কথাটো হ’ল উদ্যোগ স্হাপনৰ বাবে প্ৰয়োজনীয় মাটিৰ ক্ৰয়ত সংঘটিত কৰা অনিয়ম। তথ্য অনুসৰি ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ ৯ মাহৰ পাছতে তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ২০২২ চনৰ ৪ ফেব্ৰুৱাৰীত নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বৰভগীয়া মৌজাৰ অধীনস্থ গোজিগাঁৱত প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ নামত ৫০ বিঘা ২ কঠা আৰু ১৯ লেচা কৃষি ভূমি ক্ৰয় কৰে। ক্ৰয়ৰ পিছতে মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰভাৱ খটুৱাই ৰিণিকি ভূঞা শৰ্মাই উক্ত ভূমিৰ শ্ৰেণী উদ্যোগলৈ সলনি কৰে। কিন্তু এই ক্ষেত্ৰত লক্ষণীয় কথাটো হ’ল যে অসমত প্ৰচলিত বৰ্তমানৰ ভূমি আইন অনুসৰি কৃষি কৃষিভূমি কৃষিৰ বাহিৰে অন্য কামত ব্যবহাৰৰ বাবে সলনি কৰিব নোৱাৰি।আনহাতে ভূমি ক্ৰয়, শ্ৰেণী পৰিৱৰ্তন, খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা ১০ কোটি টকাৰ সাহাৰ্য লাভৰ প্ৰক্ৰিয়া ইমান কম সময়ত সম্পন্ন হৈছিল, যিটো সাধাৰণ ৰাইজৰ বাবে অসম্ভৱ কথা। আনহাতে নিবনুৱা যুৱক-যুৱতী আৰু কৃষকৰ বাবে থকা প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনাৰ অধীনত বহুকেইটা ছেটেলাইট চেনেল, বাতৰি কাকত, আলোচনী, প”ৰ্টেল চেনেল, বহু কেইখন চাহবাগিচা, ৰিজৰ্ট, বিলাসী বিদ্যালয়ৰ স্বত্বাধিকাৰী ৰিণিকি ভূঞা শৰ্মাই কেনেদৰে লাভ কৰিবলৈ সক্ষম হ’ল। এয়া দেখদেখকৈ মহা দুৰ্নীতি। কথাই কথাই বিৰোধীৰ পৰিবাৰবাদৰ কথা আওৰাই নিজক যুধিষ্ঠিৰ হিচাপে দাঙি ধৰিব খোজা হিমন্ত বিশ্ব শৰ্মাই নিজ পদবীৰ প্ৰভাৱত নিজ পৰিবাৰক কি হাৰত অবৈধ ভাৱে ধন সম্পদ গোটোৱা কাৰ্যত বৰঙণি যোগাইছে, সেয়া আজি সকলোৱে প্ৰত্যক্ষ কৰিছে। এয়াই হ’ল ড° হিমন্ত বিশ্ব শৰ্মাৰ আচল স্বৰূপ।তেওঁ সময়ে সময়ে দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰে। সেয়া ভাল কথা। এতিয়া নিজ পত্নীৰ এই মহা দুৰ্নীতিৰ তথ্য চৌদিশত বিয়পি পৰাৰ পাছত, সেই একেই জেহাদ ঘোষণা কৰি তদন্তৰ ব্যৱস্থা কৰিবনে?