মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৪ বছৰীয়া বিজেপি-মিত্ৰজোঁটৰ অসম চৰকাৰ অসমৰ ইতিহাসৰ আটাইতকৈ “ধৰুৱা চৰকাৰ” – প্ৰদেশ কংগ্ৰেছ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ আজি ৪ বছৰ সম্পূৰ্ণ হ’ল। তেওঁৰ এই ৪ বছৰীয়া কাৰ্যকালৰ চৰকাৰখনে সৰ্বকালৰ সৰ্বাধিক ঋণ লৈ একপ্ৰকাৰ অভিলেখ গঢ়িছে় বুলি অভিযোগ তোলে অসম প্ৰদেশ কংগ্ৰেছে৷ ৰিজাৰ্ভ বেংকৰ এক তথ্য অনুসৰি মাত্ৰ যোৱা ৪ টা বছৰতে এইখন চৰকাৰে প্ৰায় ১,২৬,২০২ কোটিৰ অধিক টকাৰ ঋণ লৈছে। ২০২১-২২ বৰ্ষত ১৭,১৪৮.৪১ কোটি টকা,২০২২-২৩ বৰ্ষত ৩০,৫১০.৮০ কোটি টকা ২০২৩-২৪ বৰ্ষত ৪৬,৯৯৪.০৫ কোটি টকা,২০২৪-২৫ বৰ্ষত প্ৰায় ৩১,৫৪৯.০৫ কোটি টকা =মুঠ ঋণ ১,২৬,২০২.৩১ কোটি টকা৷এই বিত্তীয় বৰ্ষৰ এপ্ৰিল আৰু মে’ মাহত লোৱা অতিৰিক্ত ২ হাজাৰ কোটিৰ অধিক ঋণৰ হিচাপ বাদেই। যদি ৪ বছৰীয়া কাৰ্যকাল দিনৰ হিচাপত ধৰা হয় তেন্তে হয়গৈ ৩৬৫ × ৪ = ১৪৬০ দিন। অৰ্থাৎ, এই হিচাপত মুখ্যমন্ত্ৰীয়ে যোৱা ৪ বছৰত প্ৰতিদিনে গড়ে ঋণ ল’লে প্ৰায় ৮৬ কোটি টকাকৈ। দক্ষ মুখ্যমন্ত্ৰী বুলি আখ্যা দিয়া হিমন্ত বিশ্ব শৰ্মাই মাথো ৪ বছৰতেই ইমান ঋণ লৈছে যে সেই ঋণৰ বোজা অসমৰ প্ৰতিজন ব্যক্তিৰ মূৰৰ ওপৰত জনমূৰি ঋণ হিচাপে জাপি দিছে প্ৰায় ৩৪,০০০ টকা৷কিন্তু তাৰ পৰিৱৰ্তে স্বাধীনতাৰ পাছত ২০১৬ চন লৈকে ৬৯ বছৰত সৰ্বমুঠ ঋণ আছিল প্ৰায় ৪১,৯৬৪ কোটি টকাহে। সোণোৱাল চৰকাৰৰ ৫ বছৰত মুঠ ঋণৰ পৰিমাণ হৈছিল প্ৰায় ৪৭,৭৪৫ কোটি টকা। আনহাতেদি ৰিজাৰ্ভ বেংকৰ আন এক তথ্য অনুসৰি বিজেপি চৰকাৰৰ দুটা কাৰ্যকালত ৰাজ্যখনৰ সৰ্বমুঠ ঋণৰ পৰিমাণ প্ৰায় ১,৭৮,০০০ কোটিলৈ বৃদ্ধি হৈছে়।এই হিচাপত বৰ্তমান সৰ্বমুঠ ঋণৰ পৰিৱৰ্তে অসমৰ প্ৰতি গৰাকী ব্যক্তিৰ মূৰৰ ওপৰত জনমুৰি ঋণৰ বোজা হৈছেগৈ প্ৰায় ৪৮,০০০ টকাৰ অলপ বেছি।অসম চৰকাৰৰ সমুদায় ঋণৰ ভিতৰত বজাৰ ঋণৰ পৰিমাণ অধিক। শতাংশৰ হিচাপত প্ৰায় ৬৩.৮২%। এনে ঋণৰ সূতৰ হাৰো অধিক। আগন্তুক কেইবাখনো চৰকাৰে এই বোজা বহন কৰিব লাগিব।২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত অসম চৰকাৰৰ ঋণৰ বোজা বৃদ্ধি হৈছে প্ৰায় ১০১%। ই অসমৰ অৰ্থনীতিত অভূতপূৰ্ব৷অহা এবছৰত ঋণৰ পৰিমাণৰ লগতে জনমুৰি ঋণৰ পৰিমাণ আৰু অধিক হোৱাৰ হে আশংকা আছে। এই সমূহ তথ্যৰ পৰা এটা কথা স্পষ্ট হয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে অসমৰ অৰ্থনীতিক যোৱা ৪ বছৰত সম্পূৰ্ণৰূপে ঋণসৰ্বস্ব অৰ্থনীতিলৈ পৰ্য্যবেশিত কৰিলে বুলি অভিযোগ উথ্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছে৷