মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চাৰিদিনীয়া ডিব্ৰুগড় ভ্ৰমণৰ সময়ত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা: স্মাৰক পত্ৰ প্ৰদান
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চাৰি দিনীয়া ডিব্ৰুগড় ভ্ৰমণৰ সময়ত উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন ‘বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব’ৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। ডিব্ৰুগড়ৰ পল্টন বজাৰত নতুনকৈ নিৰ্মাণ হোৱা মুখ্যমন্ত্ৰী সচিবালয় তথা অসম সচিবালয়ত মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে হোৱা আলোচনাৰ সময়ত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি তথা জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰগোহাঞি, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা আৰু সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁই উপস্থিত থাকি প্ৰয়াত ৰাধাগোবিন্দ বৰুৱাৰ দিনৰে পৰা ডিব্ৰুগড়ৰ সাংবাদিকতাৰ এক ইতিহাস থকা বিষয়টো সন্দৰ্ভত আলোচনা কৰা লগতে বৰ্তমানেও সাংবাদিকতাৰ ক্ষেত্ৰখনত থকা বহুতো অভাৱ তথা সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সন্দৰ্ভত আলোচনা কৰে। বিশেষকৈ ডিব্ৰুগড়ত এখন সাংবাদিক ক’লনি স্থাপন, ৰাজ্যৰ সাংবাদিকসকলৰ বাবে বীমা আঁচনিৰ প্ৰবৰ্তন কৰা,এটা বছৰত কমেও ৫০ জন সাংবাদিকক সাংবাদিক পেঞ্চন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা, মাননীৰ পৰিমাণ ২৫,০০০ টকালৈ বৃদ্ধি কৰা লগতে ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ ব্যৱস্থা কৰা, উজনি অসমৰ জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ত উচ্চ ন্যায়ালয়ৰ এখন বেঞ্চ স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা, ডিব্ৰুগড়ৰ বাট-পথসমূহ বহল আৰু দ্বৈতপথযুক্ত ব্যৱস্থা কৰা,এ.টি ৰোড আৰু কনভয় সংযোগী নির্মিত উৰণসেতুখনৰ নাম অসমৰ এগৰাকী বৰেণ্য বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড° লীলা গগৈৰ নামাৰে নামকৰণ কৰা আদিকে ধৰি সাংবাদিকৰ আৰু ডিব্ৰুগড়ৰ কেইবাটাও জ্বলন্ত সমস্যা সন্দৰ্ভত আলোচনা কৰা লগতে স্মাৰকপত্ৰ প্ৰদান কৰে। আনহাতে শেহতীয়াকৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ঐতিহাসিক ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ আশ্বাস আৰু এই সন্দৰ্ভত কৰি যোৱা বিভিন্ন কাম-কাজৰ বাবে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী গৰাকীক ধন্যবাদ লগতে অভিনন্দন জ্ঞাপন কৰে।