দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

Pc Free Press Journal

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৩০ জুনত কামৰূপৰ চিজেএম আদালতত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছে। আম আদমী পাৰ্টিৰ (আপ) নেতা মনীষ চিছোদিয়াই ৪ জুনত এক সংবাদমেলত অভিযোগ কৰিছিল যে ২০২০ চনত কোভিড মহামাৰীৰ সৈতে যুঁজি থকা সময়ত অসমৰ স্বাস্থ্য মন্ত্ৰী হৈ থকা হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নী আৰু পুত্ৰৰ ব্যৱসায়িক অংশীদাৰসকলৰ কোম্পানীক পিপিই কিট যোগান ধৰাৰ চুক্তি দিছিল। অৱশ্যে, অসম চৰকাৰে অভিযোগ অস্বীকাৰ কৰিছে।