মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে নিযুত মইনা আঁচনি

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে নিযুত মইনা আঁচনি

ৰঙিলী বাৰ্ত্তাসেৱা- খানাপাৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে নিযুত মইনা আঁচনি । “ছাত্ৰী সৱলীকৰণৰ দিশে আৰু এখোজ” লক্ষ্যৰে আৰম্ভ কৰা হৈছে ‘নিযুত মইনা’ আঁচনি। এই আঁচনিৰ অধীনত  ৰাজ্যজুৰি ১৫৯০৯৩ গৰাকী ছাত্রীক প্ৰদান কৰা হ’ব আঁচনিৰ ধন। চলিত বিত্তীয় বৰ্ষত ২৪০ কোটি টকা ধাৰ্য কৰা হৈছে এই আঁচনিৰ বাবে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ অনুদানৰ ধনৰ চেক প্ৰদান কৰি কয়- অহা ৩বছৰত ১০ লাখ ছাত্ৰীক আৰ্থিক অনুদান আগবঢ়োৱাৰ লক্ষ্য লৈছে চৰকাৰে। আঁচনিৰ অধীনত স্নাতক শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীক ১৫০০ টকা, স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীক ২৫০০ টকা আৰু উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰা ছাত্ৰীক ১০০০ টকা প্ৰদান কৰিব চৰকাৰে। এই সুবিধা ভেঞ্চাৰ আৰু জুনিয়ৰ কলেজত অধ্যয়ন কৰি থকা ছাত্ৰীসকলেও লাভ কৰিব। জুন আৰু জুলাই মাহক বাদ দি বাকী ১০ মাহে ছাত্রীসকলে নিজৰ একাউণ্টত এই ধন লাভ কৰিব । মুখ্যমন্ত্ৰীয়ে সদৰী কৰা মতে নৱেম্বৰ মাহৰ ভিতৰত ডি বি টিযোগে এই আঁচনিৰ ধন লাভ কৰিব ছাত্ৰীয়ে।