মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে পৱিত্ৰ মাৰ্ঘেৰিটাক নিযুক্তি

pc facebook

মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে পৱিত্ৰ মাৰ্ঘেৰিটাক নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি। এই পদত নিযুক্তি লাভ কৰি আনন্দ অনুভৱ কৰে সাংসদগৰাকীয়ে। সংবাদ মাধ্যমৰ আগত পৱিত্ৰ মাৰ্ঘেৰিটাই কয়, ‘‘মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ পদ পাই আনন্দিত অনুভৱ কৰিছো। পূৰ্বতকৈ দায়িত্ব আৰু বাঢ়িল।’’  পবিত্ৰ মাৰ্ঘেৰিটাই নতুন গুৰুত্বপূৰ্ণ দায়িত্বৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপি সভাপতি বিধায়ক ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা আৰু দলীয় কৰ্মীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, মুখ্যমন্ত্ৰীয়ে নিতৌ ১৮-২০ ঘণ্টা কাম কৰে। ময়ো সেই অনুযায়ী মুখ্যমন্ত্ৰীক সহায় কৰিবলৈ চেষ্টা কৰিম।