মুখ্যমন্ত্ৰীৰ ‘শ্বুট এট ছাইট’ৰ নিৰ্দেশৰ পাছতে ধুবুৰীত ৪০জনৰো অধিক অপৰাধীক গ্ৰেপ্তাৰ

মুখ্যমন্ত্ৰীৰ ‘শ্বুট এট ছাইট’ৰ নিৰ্দেশৰ পাছতে ধুবুৰীত ৪০জনৰো অধিক অপৰাধীক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ঈদৰ পাছতে ধুবুৰী চহৰৰ হনুমান মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস পেলাই থৈ যোৱা ঘটনাক লৈ সৃষ্টি হোৱা সাম্প্রদায়িক পৰিৱেশ ৰুধিবলৈ ধুবুৰীত উপস্থিত হৈছিল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। জিলাখনৰ পৰাই মুখ্যমন্ত্ৰী ড° শর্মাই স্পষ্ট কৰিছিল যে ধুবুৰীক বাংলাদেশ হ’বলৈ দিয়া নহ’ব। ধুবুৰীক অশান্ত কৰাসকলক দেখা মাত্রকে গুলীওৱা হ’ব। কার্যতঃ মুখ্যমন্ত্ৰীয়ে আৰক্ষীক শ্বুট এট ছাইটৰ স্পষ্ট নির্দেশ দিছিল। এই কঠোৰ নিৰ্দেশৰ পাছতে আৰক্ষীয়ে কঠোৰ অভিযান আৰম্ভ কৰিছে। নিশাৰ ভিতৰতে আৰক্ষীয়ে জিলাখনক অশান্ত কৰিব বিচৰা ৪০জনৰো অধিক অপৰাধীক গ্ৰেপ্তাৰ কৰিছে। জিলাখনৰ ধুবুৰী সদৰ, তামাৰহাট, গৌৰীপুৰ, আগমনি, চাপৰ, বিলাসীপাৰা, সাপটগ্রাম আৰু গোলকগঞ্জত অভিযান চলাই এইসকল অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পাছতে ধুবুৰীৰ পৰিৱেশ যথেষ্ট সলনি হৈছে। উল্লেখ্য যে জিলাখনৰ আইন-শৃংখলা পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ নেতৃত্বতে অনুষ্ঠিত হৈছিল এক গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকতে শেহতীয়াকৈ বাংলাদেশৰ পৰা অহা এচাম দুষ্কৃতিকাৰীয়ে যে জিলাখনৰ পৰিৱেশ বিনষ্ট কৰাৰ বাবে উঠিপৰি লাগিছে সেই বিষয়টোও আলোচনা হৈছিল। এই আলোচনাৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাই শ্বুট এট ছাইটৰ নিৰ্দেশ দিছিল।