মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাংবিধানিক পদমৰ্যাদা অৱমাননা কৰাৰ অভিযোগ

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাংবিধানিক পদমৰ্যাদা অৱমাননা কৰাৰ অভিযোগ!
হিমন্ত বিশ্বক অপসাৰণৰ দাবী জনাই ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ বিৰোধী ঐক্য মঞ্চৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  সাংবিধানিক পদমৰ্যাদাক অৱমাননা কৰাৰ অভিযোগত ড০ হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰে মুখ্যমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰিব লাগে। এই দাবীৰে আজি দেশৰ ৰাষ্ট্ৰপতিলৈ ৰাজ্যপালৰ জৰিয়তে এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে বিৰোধী ঐক্য মঞ্চ, অসমে। বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ নেতৃত্বত এটি প্ৰতিনিধি দলে আজি ৰাজভৱনলৈ যায়। ৰাজভৱনত ৰাজ্যপালৰ হৈ উক্ত স্মাৰকপত্ৰ গ্ৰহণ কৰে তেওঁৰ কাৰ্যালয় সচিব মীনাক্ষী সুন্দৰমে। এই প্ৰতিনিধি দলটোত আছিল সাংসদ ৰকিবুল হুছেইন, পিএলপিৰ দলৰ চৰণ ডেকা, চিপিএমৰ ইছফাকুৰ ৰহমান, ৰাইজৰ দলৰ ৰাছেল হুছেইন, তৃণমূল কংগ্ৰেছৰ অৰূপ ভূঞা, কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মাকে ধৰি কেবাগৰাকী জ্যেষ্ঠ নেতা। প্ৰতিনিধি দলটোৰ সৈতে যোৱা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৰাজপত্ৰিত বিষয়াগৰাকীক অৱগত কৰে যে মুখ্যমন্ত্ৰী হিচাপে সাংবিধানিক পদ মৰ্যাদাত থকা বিশ্বাসযোগ্যতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেৰুৱাই পেলাইছে আৰু সেয়ে এই বিষয়টো ৰাজ্যপালৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিক অৱগত কৰিবলৈ স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে। অসমত যাতে কোনো কাৰণতে সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত নঘটে আৰু মণিপুৰৰ দৰে পৰিস্থিতি হ’বলৈ নাপায় তাৰবাবে সময় থাকোতেই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰিবলৈকো স্মাৰকপত্ৰৰ যোগেদি দাবী জনাইছে বিৰোধী ঐক্য মঞ্চই। স্মাৰক পত্ৰত বিৰোধী ঐক্য মঞ্চই দিনদিয়েক পূৰ্বে গুৱাহাটীত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে পগলা কুকুৰ বুলি কৰা মন্তব্যৰ কথাও উল্লেখ কৰে। সাংবিধানিক পদত থকা এজন মানুহে কেতিয়াও নিজকে পগলা কুকুৰ বুলি কৈ মুখ্যমন্ত্ৰী পদৰ মৰ্যাদা হানি কৰিব নোৱাৰে আৰু ইয়াৰ বাবে তেওঁ সাংবিধানিক পদত থকা সকলো যোগ্যতা হেৰুৱাই পেলাইছে বুলিও স্মাৰক পত্ৰত উল্লেখ কৰিছে বিৰোধী ঐক্য মঞ্চই। লগতে বিধানসভাৰ বাহিৰে-ভিতৰে বিগত সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি অহা ভীষণ সাম্প্ৰদায়িক মন্তব্যসমূহৰ কথাও স্মাৰকপত্ৰত উল্লেখ কৰা হৈছে। স্মাৰকপত্ৰখনত ক’ত কেতিয়া কেনেকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কি প্ৰসংগত সাম্প্ৰদায়িক সংঘৰ্ঘৰ উদগনি যোগাব পৰা মন্তব্য কৰিছে সেয়াও স্পষ্টকৈ উল্লেখ কৰি দিছে বিৰোধী ঐক্য মঞ্চই। আইন-শৃংখলা নিয়ন্ত্ৰণৰ দায়িত্বত থাকিও মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই আইন-শৃংখলা ভংগ কৰিবলৈ ন্যস্ত স্বাৰ্থজনিত মহলক প্ৰৰোচিত কৰাৰ কথাও স্মাৰক পত্ৰখনত উল্লেখ কৰিছে। একেদৰে মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বতে কিদৰে অবাধ হাৰত দুৰ্নীতি-অনিয়ম সংঘটিত হৈছে সেয়াও উল্লেখ কৰিছে। এনে এগৰাকী সংবিধান বিৰোধী ব্যক্তি মুখ্যমন্ত্ৰীৰ দৰে পদত থকাৰ যোগ্য নহয় বুলি উল্লেখ কৰি ৰাজ্যখনত শান্তি-সম্প্ৰীতি অব্যাহত ৰখাৰ স্বাৰ্থত শীঘ্ৰেই অপসাৰণৰ ব্যৱস্থা কৰিবলৈ স্মাৰকপত্ৰযোগে আহ্বান জনাইছে বিৰোধী ঐক্য মঞ্চই।