মুখ্যমন্ত্ৰীৰ বাহনলৈ বটল নিক্ষেপৰ বিৰুদ্ধে বিজেপি যুৱ মৰ্চাৰ ৰাজ্যজুৰি উত্তাল প্রতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ ওপৰত কংগ্ৰেছ প্রতিবাদকাৰীয়ে বটল দলিওৱা ঘটনাক কেন্দ্ৰ কৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে বিজেপিয়ে। যুৱ মৰ্চাৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছৰ এনে আক্ৰমণৰ বিৰুদ্ধে ধর্ণা কাৰ্যসূচীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে যুৱ মৰ্চাৰ সদস্য তথা বিজেপিৰ নেতা-কর্মীয়ে। মুখ্যমন্ত্ৰীৰ ওপৰত গোলাঘাটত হোৱা আক্ৰমণত ৰাজ্যিক বিজেপিয়ে এয়া কংগ্ৰেছৰ নক্সালবাদ আৰু মৌলবাদী মানসিকতাৰ বহিঃপ্রকাশ বুলি মন্তব্য কৰিছে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি দলটোৰ সাধাৰণ সম্পাদক ঋতুপর্ণ বৰুৱাই কয় যে মুখ্যমন্ত্ৰীৰ ওপৰত হোৱা আক্রমণে প্ৰমাণ কৰে যে গণবিচ্ছিন্ন কংগ্রেছ আজি নক্সালবাদ আৰু উগ্রবাদী শক্তিৰ ঘাটিত পৰিণত হৈছে। শ্বহীদৰ তেজেৰে হাত ধোৱা কংগ্ৰেছে অসমৰ শান্তি বিনষ্ট কৰাই নহয়, ৰাজ্যৰ উন্নয়নৰ হেঙাৰ হিচাপে থিয় দিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাৰ সন্মুখত তিষ্টি থাকিব নোৱাৰি আক্রমণেৰে তেওঁক স্তব্ধ কৰিবলৈ বৃথা চেষ্টা কৰিছে। এনে আক্রমণক তীব্র ভাষাৰে গৰিহণা দি দলৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে এই কার্য গণবিচ্ছিন্ন কংগ্ৰেছৰ হতাশাৰ প্ৰতিচ্ছবি আৰু দেশৰ গণতান্ত্রিক ব্যৱস্থাৰ প্ৰতি কংগ্ৰেছৰ যে বিশ্বাস নাই, তাৰেই উদাহৰণ। মুখ্যমন্ত্রী ড° শৰ্মাই অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ স্বাৰ্থত কংগ্ৰেছৰ শাসনকালত সংস্থাপিত কৰা অবৈধ নাগৰিকৰ দ্বাৰা বেদখলকৃত ভূমি উচ্ছেদ আৰু এডভান্টেজ আছামৰ জৰিয়তে ৰাজ্যখনক ঔদ্যোগীকৰণৰ জৰিয়তে এখন সমৃদ্ধিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰত নামিছে কংগ্রেছ। গোলাঘাটত কংগ্ৰেছৰ প্ৰৰোচনাত মুখ্যমন্ত্ৰীৰ ওপৰত হোৱা আক্ৰমণ অসমৰ কাৰণে দুর্ভাগ্যজনক আৰু নজিৰবিহীন ঘটনা। মুখ্যমন্ত্ৰীক ৰাজনৈতিকভাবে বলে নোৱাৰি চৰম হতাশাত ভুগি কংগ্রেছে শাৰীৰিক শক্তি প্রয়োগ কৰি অগণতান্ত্রিক পন্থা হাতত লোৱা বুলি ৰাজ্যিক বিজেপিয়ে আজি অভিযোগ কৰে। ইফালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদ জনাই দলৰ ৩৯খন সাংগঠনিক জিলাত জিলা সদৰৰ লগতে মহকুমা সদৰত যুৱ মৰ্চাৰ দ্বাৰা প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়। কংগ্ৰেছৰ এই অগণতান্ত্ৰিক কাৰ্যৰ বিৰোধ কৰি হোৱা প্ৰতিবাদী কাৰ্যসূচীত দলৰ কেইবাজনো জ্যেষ্ঠ নেতাই অংশগ্রহণ কৰে। গুৱাহাটীত আজি যুৱ মৰ্চাৰ নেতৃত্বত প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ হয়। দলৰ উপ-সভানেত্রী জুৰি শৰ্মা বৰদলৈ, ৰত্না সিং, সাধাৰণ সম্পাদক তথা বিধায়ক দিপ্লুৰঞ্জন শৰ্মা, ঋতুপর্ণ বৰুৱা, ৰাজ্যিক সম্পাদক সিদ্ধাংশু অংকুৰ বৰুৱা, পৰিবহণ নিগমৰ প্ৰণৱজ্যোতি লহকৰ আৰু যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস উপস্থিত থাকি এই প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে ৰাজপথত বহি কংগ্ৰেছৰ বিৰুদ্ধে দীঘলীয়া সময় ধর্ণা দিয়ে। প্রতিবাদকাৰীসকলক আঁতৰাই নিয়াৰ সময়ত আৰক্ষীৰ সৈতে হতাহতিও হয়।