মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যত সাংস্কৃতিক নৱ জাগৰণঃ ৰাজ্যিক বিজেপি

Pc India Today
মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যত সাংস্কৃতিক নৱ জাগৰণঃ ৰাজ্যিক বিজেপি
ৰঙিলী বাৰ্ত্তাসেৱা-  “ৰূপান্তৰে হে সমাজ ধুনীয়া কৰে৷ সমাজক ধুনীয়া কৰিবৰ কাৰণে সমাজখনক এক পৰ্যায়লৈ ৰূপান্তৰৰ যোগেদি লৈ যাব লাগিব৷ বিবৰ্তনৰ জৰিয়তে হোৱা ৰূপান্তৰে সমাজৰ উন্নয়নৰ স্থায়ীত্বক নতুন মাত্ৰা প্ৰদান কৰে৷ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ এই কালজয়ী বক্তব্যক সাৰোগত কৰিয়েই গুৰুজনাৰ আবিৰ্ভাৱ স্থান বটদ্ৰৱা ধামক নতুন অসমৰ সাংস্কৃতিক নৱ জাগৰণৰ প্ৰাণ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে”– এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ একক প্ৰচেষ্টাত নিৰ্ধাৰিত সময়মতে নিৰ্মাণ সম্পূৰ্ণ হোৱা বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভ উদ্বোধন কৰি ৰাজ্যবাসীক উৎসৰ্গা কৰে৷ ঠিক একেদৰে ৰাজধানী মহানগৰ গুৱাহাটীৰ মাজ মজিয়াত পূৰ্বোত্তৰ ভাৰতৰ সৰ্ববৃহৎ (auditorium) প্ৰেক্ষাগৃহ ‘জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ’, অত্যাধুনিক প্ৰযুক্তিৰে সু সজ্জিত আৰু আন্তঃৰাষ্ট্ৰীয় মানকৰ এটা আটক ধুনীয়া গুৱাহাটী মহানগৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ো গৃহমন্ত্ৰীয়ে উদ্ধোধন কৰে৷ মুখ্যমন্ত্ৰীৰ একক প্ৰচেষ্টা আৰু দুৰদৰ্শিতাৰ বাবেই এই প্ৰকল্পসমূহে আজি পূৰ্ণতা লাভ কৰিছে৷ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত মুখ্যমন্ত্ৰী ড॰ শৰ্মা ৰাজ্যিক বিজেপিয়ে নতুন অসমৰ সাংস্কৃতিক নৱ জাগৰণৰ খনিকৰ বুলি বৰ্ণনা কৰে৷ নতুন অসমৰ স্বপ্নদ্ৰষ্টা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে আজি উন্নয়নৰ এক নতুন যুগ দেখা পাইছে বুলি শ্ৰীশৰ্মাই প্ৰেছ বিবৃতিত বৰ্ণনা কৰি লগতে কয় যে– আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি ৰাস্তা-ঘাট, দলং-ফ্লাইঅভাৰ শিক্ষানুষ্ঠানলৈকে, সামাজিক উন্নয়নৰ পৰা আৰম্ভ কৰি মহিলা সৱলীকৰণলৈকে সকলো ক্ষেত্ৰতেই মুখ্যমন্ত্ৰীয়ে এক সমাৱেশী উন্নয়নক নেতৃত্ব দিছে৷ এখনৰ পিছত আনখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ প্ৰতিষ্ঠানৰ নিৰ্মাণ কৰি মুখ্যমন্ত্ৰীয়ে অসমৰ সামগ্ৰিক ছবিখনকে সলনি কৰি পেলাইছে বুলি বিবৃতিটোত উল্লেখ কৰা হয়৷ অসমখনে এটা নতুন ৰূপ মুখ্যমন্ত্ৰীৰ নেতৃত্বতেই লাভ কৰিছে৷ সেয়ে অসমৰ জনসাধাৰণে হিয়া উজাৰি মুখ্যমন্ত্ৰীক সমৰ্থন দিছে, সহযোগ কৰিছে৷