মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ চাৰিজন ছাত্ৰক গ্ৰেপ্তাৰ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ চাৰিজন ছাত্ৰক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা– ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত এক ৰেগিং ঘটনাৰ সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ ৪ জন ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে।ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইট যোগে অ‍াৰক্ষীক কঠোৰ হ’বলৈ নিৰ্দেশ দিয়াৰ পাছতেই সোমবাৰে পুৱা আৰক্ষীয়ে ৪ জন ছাত্ৰক গ্ৰেপ্তাৰ কৰে।এই ৪ জন ছাত্ৰ হৈছে ক্ৰমে সীমান্ত হাজৰিকা, নিৰঞ্জন ঠাকুৰ, গোলাপ ডেকা আৰু প্ৰানজিৎ বৰুৱা।অৱশ্যে, মূল অভিযুক্ত ৰাহুল চেট্ৰি এতিয়াও পলাতক।মুঠ ১৭ জন যুৱকৰ ওপৰত ৰেগিঙৰ অভিযোগ ৰুজু কৰা হৈছিল যদিও এতিয়া অভিযুক্ত আন ১৩ জন যুৱক পলাতক অৱস্থাত আছে।আনহাতে, এই সমগ্ৰ ঘটনাৰ সৈতে বিশ্ববিদ্যালয়খনৰ বহু কেইগৰাকী প্ৰাক্তন ছাত্ৰও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।এই সমগ্ৰ ৰেগিঙৰ ঘটনাৰ গোচৰৰ দণ্ডাধীশ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।উল্লেখ্য যে, আনন্দ শৰ্মা নামৰ বাণিজ্য বিভাগৰ ছাত্ৰজন বৰ্তমান সংকটজনক অৱস্থাত এখন ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ আছে। ছাত্ৰ গৰাকীৰ মাতৃয়ে অভিযোগ কৰা অনুসৰি আনন্দ শৰ্মাক বহু দিন ধৰি ৰেগিং চলাই অহা হৈছিল।ছাত্ৰ গৰাকীক পঢ়িবলৈ দিয়া হোৱা নাছিল।জ্যেষ্ঠ ছাত্ৰ সকলে ৰুমলৈ আহি সুৰা পান কৰাৰ লগতে আনন্দ শৰ্মাৰ লগতে আন কনিষ্ঠ ছাত্ৰকো সুৰা পান কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল।কেৱল আনন্দ শৰ্মায়ে নহয়, আন ৪ জন ছাত্ৰৰ ওপৰতো অত্যাচাৰ চলোৱা হৈছিল।