মুখ‍্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে জি এম চি এইছৰ ১১ জন কৰ্মচাৰীক গ্ৰেপ্তাৰ

মুখ‍্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে জি এম চি এইছৰ ১১ জন কৰ্মচাৰীক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে জি এম চি এইছৰ ১১ জন ট্ৰলী পুলাৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।  পূৰ্বৰ এজাহাৰৰ ভিত্তিত এই ট্ৰলীপুলাৰসকলক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জনাইছে ডিচিপি মৃণাল ডেকাই। এই সন্দৰ্ভত মৃণাল ডেকাই কয়, যিসকলে জি এম চি এইছত পইছা ডিমাণ্ড কৰে তেওঁলোকৰ বিৰুদ্ধে পূৰ্বে এখন এজাহাৰ পোৱা গৈছিল। সেই এজাহাৰৰ ভিত্তিত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। আজি তেওঁলোক আটাইকে আদালতত হাজিৰ কৰোৱা হ’ব। বহু ভুক্তভোগীৰ অভিযোগ আছিল যে, কিছুমান কৰ্মচাৰীয়ে “ট্ৰলী পুলাৰ” বা আন আন সেৱা যেনে চাহ যোগান ধৰাৰ অজুহাতত পৰিয়ালৰ পৰা ৫০০–১০০০ টকা সংগ্ৰহ কৰিছিল। তেওঁ লগতে জানিবলৈ দিছে যে, ১৪০/২৫ নম্বৰত গোচৰ ৰুজু কৰা হৈছে। BNS ৰ ধাৰাত যি শাস্তি হয় সকলো প্ৰদান কৰা হ’ব বুলি স্পষ্ট কৰি দিছে আৰক্ষী বিষয়াগৰাকীয়ে। এই গোচৰত এয়াই প্ৰথম গ্ৰেপ্তাৰ নহয়, ইয়াৰ আগতেও ৬ জনক গ্ৰেপ্তাৰ কৰা হৈছিল। তদন্ত এতিয়া প্ৰাৰম্ভৱিক পৰ্যায়তে আছে আৰু এই গোচৰত যদি আন কোনো জড়িত আছে তেওঁলোককো গ্ৰেপ্তাৰ কৰা হ’ব বুলি জানিবলৈ দিছে বিষয়াগৰাকীয়ে। ইয়াৰ সমান্তৰালভাৱে নৱজাতক মৃত্যু ঘটনাৰ তদন্তও চলি আছে বুলি মৃণাল ডেকাই উল্লেখ কৰিছে। তেওঁ কয় যে, কোনো দোষী সাৰি যাব নোৱাৰে। CCTV পৰীক্ষা কৰি সমগ্ৰ তদন্ত প্ৰক্ৰিয়া চলাই নিয়া হ’ব স্পষ্ট কৰিছে ডিচিপি মৃণাল ডেকাই।