মুখ্যমন্ত্ৰীৰ জঘন্য সাম্প্ৰদায়িকতা আৰু সাংবাদিকৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ চিপিআই(এম)ৰ নিন্দা
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকে উত্থাপন কৰা প্ৰশ্নকো জঘন্য সাম্প্ৰদায়িক মানসিকতাৰে ব্যাখ্যা কৰা আৰু ৰাজ্যখনত অহৰ্নিশে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই দিবলৈ চেষ্টা কৰি থকাত চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ নিন্দা কৰিছে। ২১ আগষ্টত মুখ্যমন্ত্ৰীৰ সমষ্টিৰ অন্তৰ্গত অঞ্চলতে অবাধ পাহাৰ খনন চলি থকা সন্দৰ্ভত শ্বাহ আলম নামৰ যুৱ সাংবাদিক এজনে মুখ্যমন্ত্ৰী শৰ্মাক প্ৰশ্ন সোধাত মুখ্যমন্ত্ৰীজনে সঠিক উত্তৰ দিব নোৱাৰি বিব্রত হৈ পৰে আৰু সাংবাদিকজনৰ নামটোক লৈ অতি নীচ সাম্প্ৰদায়িক মন্তব্যৰে তেওঁৰ উৎকট মুছলমান বিদ্বেষ ৰাজহুৱাকৈ প্ৰকাশ কৰে। মান্দাকাটা অঞ্চলৰ অবৈধ পাহাৰ খনন সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী শৰ্মাই অযথা গুৱাহাটীৰ কৃত্ৰিম বানপানী আৰু ইউএছটিএমৰ প্ৰসংগ টানি আনে। এইদৰে মুখ্যমন্ত্ৰীজনে চৰকাৰৰ ব্যৰ্থতা ঢাকি ৰখা তথা মূল সমস্যাৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাই অনাৰ বাবে যি কোনো ঘটনা সম্পৰ্কত সাম্প্ৰদায়িক ব্যাখ্যা দাঙি ধৰি ৰাইজক বিভ্ৰান্ত কৰাৰ কৌশল অৱলম্বন কৰিছে। সাংবাদিক শ্বাহ আলম মুছলমান সম্প্ৰদায়ৰ হোৱা বাবেই মুখ্যমন্ত্ৰী খঙত টিঙিৰি তুলা হৈ পৰে আৰু সেই অজুহাতত সম্প্ৰদায়টোৰ বিৰুদ্ধে বিষোদ্গাৰ প্ৰকাশ কৰে। তেওঁ এনে আচৰণৰ দ্বাৰা কেৱল সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিয়ে কৰা নাই, নিজৰ চৰম স্বেচ্ছাচাৰিতাৰো পৰিচয় উদঙাই দিছে আৰু সাংবাদিকৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ আনিছে। সাংবাদিকসকলে মুখ্যমন্ত্ৰীয়ে নিবিচৰা ধৰণৰ প্ৰশ্ন যাতে উত্থাপন নকৰে তাৰ বাবে এনে নীচ কৌশল অৱলম্বন কৰিছে। আনহাতে মুখ্যমন্ত্ৰীজনে ইউএছটিএমত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক অসম চৰকাৰৰ চাকৰিত নিযুক্ত কৰা নহ’ব বুলিও হুংকাৰ দিছে। অসমৰ মুখ্যমন্ত্ৰীৰ এনে অদ্ভূত আচৰণ আৰু সংবিধানবিৰোধী-সাম্প্ৰদায়িক কথা-বাৰ্তাক চিপিআই(এম)ৰ ৰাজ্যিক কমিটিয়ে ধিক্কাৰ জনাইছে আৰু প্ৰতিবাদ কৰিছে। ৰাজ্যত ধৰ্মনিৰপেক্ষ প্ৰমূল্যসমূহৰ লগতে নাগৰিক সমাজ তথা সাংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ হকে আগুৱাই আহিবলৈ পাৰ্টিয়ে ৰাজ্যৰ গণতন্ত্ৰপ্ৰেমী জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে৷