মুখ্যমন্ত্ৰীৰ উপস্থিতিত অতুল বৰা,মৃণাল শইকীয়া,কেশৱ মহন্তৰ মনোনয়ন দাখিল

মুখ্যমন্ত্ৰীৰ উপস্থিতিত অতুল বৰা,মৃণাল শইকীয়া,কেশৱ মহন্তৰ মনোনয়ন দাখিল

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মনোনয়ন দাখিলৰ অন্তিম দিনটোত অতুল বৰা,মৃণাল শইকীয়া,কেশৱ মহন্তৰ মনোনয়ন পত্ৰ দাখিলত সংগ প্ৰদান কৰে।  মনোনয়ন দাখিলৰ অন্তিম দিনটোত পুনৰবাৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠনৰ দৃঢ় দাবী কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। আজি গোলাঘাটত অগপ সভাপতি অতুল বৰা আৰু খুমটাই সমষ্টিৰ বাবে মৃণাল শইকীয়াক মনোনয়ন দাখিলৰ সময়ত সংগ প্রদান কৰি এই দাবী কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ ঘোষণা- যোৱা ৫ বছৰত যিমান কাম কৰা হ’ল, অহা ৫ বছৰত চাৰিগুণতকৈ বেছিকৈ কাম কৰিম। উল্লেখ্য যে বিশাল জনসমুদ্ৰৰ মাজেৰে অগপ সভাপতি অতুল বৰা আৰু খুমটাই সমষ্টিৰ বিজেপি প্রার্থী মৃণাল শইকীয়াই গোলাঘাটৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ উপস্থিতিত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ পূর্বে বিশাল ৰাজহুৱা সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- অগপ আৰু বিজেপি দুটা দল নহয়। যোৱা ১০ বছৰে একেলগে অগপৰ সৈতে বিজেপিয়ে চৰকাৰ চলাইছে। দুয়োটা দল এতিয়া বুন্দিয়া-ভুজিয়াৰ দৰে হৈ গ’ল। অগপ যদি বুন্দিয়া, বিজেপি ভুজিয়া। চাহৰ লগত যেনেদৰে চেনি থাকিলে চাহ খাবলৈ ভাল, ঠিক তেনেদৰে বিজেপিৰ লগত এতিয়া অগপ থাকিলেহে ভাল লাগে।

হাতীক আমি পূজা-সেৱা কৰোঁ পদুমেৰে। অগপৰ লগত একেলগে আছিলোঁ, একেলগে আছোঁ আৰু ভৱিষ্যতেও একেলগে থাকিম, একেলগে চৰকাৰ গঠন কৰিম। উল্লেখ্য যে মনোনয়ন দাখিলৰ অন্তিম দিনটোত বোকাখাত সমষ্টিৰ প্ৰায় সহস্রাধিক সমর্থক-কার্যকর্তাক লগত লৈ অগপ সভাপতি অতুল বৰাই এক বিশাল সমদল উলিয়ায়। এই সমদলত অগপ সভাপতিজনক সংগ দিয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মনোনয়ন দাখিলৰ এই কার্যসূচীতেই অনুষ্ঠিত বিশাল সভাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰসাল ভাষণেৰে কয়-আমাৰ ক্ৰিকেটত বাউণ্ডেৰী মাৰে। কিন্তু মই বাউণ্ডেৰী মাৰি ভাল নাপাওঁ। মই একেবাৰে ছিক্সাৰ মাৰি দিওঁ। যোৱাটো কার্যকালত আমি এক লাখ যুৱক-যুৱতীক চাকৰি দিম বুলি কৈছিলোঁ। কিন্তু ডেৰ লাখতকৈও অধিকক চাকৰি দিলোঁ। এইবাৰ প্রতিশ্রুতি দিছোঁ দুই লাখ ল’ৰা-ছোৱালীক চৰকাৰী চাকৰি দিয়া হ’ব। যোৱাবাৰ এক লাখ বুলি কৈ ডেৰ লাখক চাকৰি দিলোঁ। এইবাৰ দুই লাখ বুলি প্রতিশ্রুতি দিছোঁ, কিমানে চাকৰি পায় সেয়া সময়ে ক’ব। অতুল বৰা আৰু বিধায়ক মৃণাল শইকীয়াক কাষত লৈ মুখ্যমন্ত্রীয়ে ক’লে- যিমান প্রতিশ্রুতি দিওঁ তাতকৈ অলপ বেছিকৈ কৰিম, কিন্তু কমকৈ নকৰোঁ। যোৱাবাৰ আমাৰ মহিলাসকলক ১০ হাজাৰকৈ টকা দিয়া হৈছিল। এইবাৰ মহিলাসকলক ২৫ হাজাৰ টকাকৈ দিয়া হ’ব। এইবাৰ চাউল-দাইল-চেনি-নিমখ দিলোঁ। অহাবাৰ মিঠাতেলো দিয়া হ’ব। এইবাৰ দাইল-চেনি-নিমখৰ বাবে ১০০ টকাকৈ লোৱা হৈছিল। অহাবাৰ এই সকলোবোৰ বিনামূলীয়া কৰা হ’ব। এইবাৰৰ পৰা ল’ৰা আৰু ছোৱালীক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ সকলোকে পঢ়ুওৱাৰ দায়িত্ব মামাই ল’ব, পিতৃ-মাতৃয়ে ল’ব নালাগে। সকলোকে বিনামূলীয়াকৈ পঢ়ুওৱাৰ দায়িত্ব আমাৰ।

মুখ্যমন্ত্ৰীয়ে কয়- এইবাৰ আশীর্বাদ যাত্রাত য’লৈকো গৈছোঁ, কণ কণ ল’ৰা-ছোৱালীবোৰে মোক এখন চাইকেলৰ কথা কৈছিল। সেই কাৰণে ডাঙৰবিলাকৰ লগতে সৰু সৰু ল’ৰা-ছোৱালীবিলাককো এখনকৈ চাইকেল দিয়া হ’ব। যিসকলে ঘৰ পোৱা নাই, অৰুণোদয় পোৱা নাই, কোনেও চিন্তা কৰিব নালাগে, সকলোৱে ঘৰো পাব, অৰুণোদয়ো পাব। এই দায়িত্ব মোৰ মূৰৰ ওপৰত। চাহ বাগিচাত এইবাৰ মাটিৰ পট্টা দিয়াৰ কাম আৰম্ভ হৈছে। ইয়াৰ পাছত পট্টা থকা মাটিৰ ওপৰত ঘৰো দিয়া হ’ব। মুখ্যমন্ত্রীয়ে কয়- পূৰ্বৰ কোনো চৰকাৰে ৰাইজৰ বাবে কাম কৰা নাছিল। অসমত এতিয়া শান্তি বিৰাজ কৰিছে। ক’তোরে বোমা-বাৰুদৰ শব্দ নাই। হুলস্থুল নাই। চৌদিশে শান্তিব পৰিৱেশ। যোৱা ৫ বছৰত আমি যিমান কৰিলোঁ অহা ৫ বছৰত ইয়াৰ চাৰিগুণ বেছিকৈ কাম আমি কৰিম। ইয়াৰ পূর্বে মনোনয়ন দাখিলৰ অন্তিম দিনা প্রায় ২০ সহস্রাধিক দলীয় সমর্থক আৰু ৰাইজৰ উপস্থিতিৰে গোলাঘাট সমন্বয় ক্ষেত্ৰৰ পৰা এক সমদলেৰে জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে মন্ত্রী তথা অগপ সভাপতি অতুল বৰাই। মনোনয়ন দাখিলৰ পাছত সংবাদ মাধ্যমৰ আগত অগপ সভাপতিগৰাকীয়ে কয়-দুটাকৈ কার্যকালত বোকাখাত সমষ্টিবাসীয়ে মোৰ ওপৰত যি মৰম-আস্থা দেখুৱালে, তাৰ বাবে বোকাখাতবাসীক কৃতজ্ঞতা জনোৱাৰ মোৰ ভাষা নাই। তৃতীয়বাৰৰ বাবে আজি মনোনয়ন দাখিল কৰি বোকাখাতক লৈ আমি বহু সপোন পুহি ৰাখিছোঁ। বিকশিত বোকাখাত, আত্মনিৰ্ভৰশীল বোকাখাত হ’ব আমাৰ সংকল্প। ইফালে, আন এক বিশাল সমদলেৰে দেৰগাঁও সমষ্টিৰ বিজেপি প্রার্থী ড° মৃদুল কুমাৰ দত্ত আৰু খুমটাই সমষ্টিৰ বিজেপি প্রার্থী মৃণাল শইকীয়াই চাইকেলেৰে সমদল কৰি আজি মনোনয়ন দাখিল কৰে। দুয়োগৰাকী প্রার্থীকে মুখ্যমন্ত্রী ড° শর্মাই শুভেচ্ছা জ্ঞাপন কৰে। শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ মনোনয়ন পর্বত মন্ত্রী অজন্তা নেওগ, সাংসদ কামাখ্যা প্রসাদ তাছাৰ লগতে কেইবাজনো বিজেপিৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে।

আনহাতে কলিয়াবৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেশৱ মহন্তৰ মনোনয়ন যাত্ৰাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্রার্থী কেশৱ মহন্তৰ সপক্ষে ভোটদান কৰি জয়যুক্ত কৰিবলৈ আহ্বান জনায়। কুঁৱৰীটোল গান্ধী খেলপথাৰত সমৱেত অগপ-বিজেপিৰ দহ সহস্রাধিক সমৰ্থকৰ সন্মুখত মুখ্যমন্ত্রী ড° শৰ্মাই কেশৱ মহন্ত ৫০ হাজাৰ ভোটত জয়লাভ কৰিব বুলি মন্তব্য কৰে। লগতে অগপ আৰু বিজেপি বুন্দিয়া আৰু ভুজিয়া বুলি কোৱাৰ লগতে চাহত চেনি বুলিও কয়। অগপ যদি চাহ, বিজেপি চেনি। ঘুটি খালেহে চাহকাপ ভাল পাব। কলিয়াবৰৰ বিজেপি কর্মীসকলক আজিৰ পৰা এজিপি কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্রীয়ে। কেশৱ মহন্তৰ মনোনয়ন যাত্ৰাৰ অনুষ্ঠানত অংশ লৈও চৰকাৰী আঁচনিৰ ফুলজাৰি মৰা মুখ্যমন্ত্ৰীকো একাংশ লোকে সমালোচনা কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্রী গোলাঘাট অভিমুখে ৰাওনা হোৱাৰ পাছতেই কুঁৱৰীটোলৰ গান্ধী খেলপথাৰৰ পৰা কলিয়াবৰ তিনিআলিলৈকে পদব্রজে যাত্ৰা আৰম্ভ কৰি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়লৈ কেশৱ মহন্তই মনোনয়ন-পত্ৰ প্ৰদানৰ বাবে যাত্ৰা আৰম্ভ কৰে।