মুখ্যমন্ত্ৰীৰ উদ্যোগত সম্পন্ন বীমা আঁচনিৰ সফল ৰূপায়ণ
ৰঙিলী বাৰ্ত্তসেৱা- ৰাজ্য চৰকাৰ আৰু ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মাজত স্বাক্ষৰিত চুক্তিৰ আধাৰত দুৰ্ঘটনাত নিহত এগৰাকী আৰক্ষী বিষয়াৰ পৰিয়ালে ৮০ লাখ টকাৰ বীমা লাভ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত সম্পাদন হোৱা চুক্তি অনুসৰি কৰ্মচাৰীৰ জীৱন বীমা আঁচনি ৰূপায়ণৰ এনে প্রক্রিয়াই ৰাজ্যিক কৰ্মচাৰী তথা তেওঁলোকৰ পৰিয়ালৰ প্ৰতি আশাৰ বতৰা কঢ়িয়াই আনিছে। উল্লেখ্য যে গুৱাহাটীৰ ভঙাগড় আৰক্ষী থানাত কৰ্মৰত উপ-পৰিদৰ্শক অৰ্চনা দেৱী ২০২৪ চনৰ ৯ অক্টোবৰত এক দুর্ঘটনাত পতিত হৈছিল আৰু ২১ অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটিছিল। এই সন্দৰ্ভত অৰ্চনা দেৱীৰ মাতৃ ভূমিতা দেৱীয়ে কৰ্মচাৰীৰ জীৱন বীমা আঁচনিৰ অধীনত ১ কোটি টকা বিচাৰি মুখ্যমন্ত্রী ড° শর্মালৈ আবেদন প্ৰেৰণ কৰিছিল। মুখ্যমন্ত্রী ড° শর্মাই এই সন্দৰ্ভত দুর্গত পৰিয়ালটোক সকাহ দিয়াৰ বাবে পদক্ষেপ গ্রহণ কৰি এইক্ষেত্ৰত প্রয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ নির্দেশনা দিয়ে। সেই নির্দেশনামর্মে চৰকাৰ আৰু ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মাজত স্বাক্ষৰিত জীৱন বীমা চুক্তিৰ আধাৰত সমগ্র বিষয়টো নিষ্পত্তি কৰা হয়। সেইমৰ্মে যোৱা ২৬ মে’ত প্রয়াত অর্চনা দেৱীৰ মাতৃ ভূমিতা দেৱীক ষ্টেট বেংক অৱ ইণ্ডিয়াৰ তৰফৰ পৰা কৰ্মচাৰীৰ জীৱন বীমা আঁচনিৰ অধীনত ৮০ লাখ টকা আদায় দিয়া হয়।