মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দিছপুৰত কেবিনেট বৈঠক

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দিছপুৰত কেবিনেট বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা- দিছপুৰস্থিত লোকসেৱা ভৱনৰ সভাকক্ষত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত  অনুষ্ঠিত কেবিনেট বৈঠকত  কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।  কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্তসমূহ সদৰী কৰে। ৰাজ্যত বহুবিবাহ নিষিদ্ধ কৰিবলৈ আইনী ব্যৱস্থা প্ৰৱৰ্তনৰ বাস্তৱ পদক্ষেপ গ্রহণ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যিক কেবিনেট বৈঠকে ‘দ্য আছাম প্র’হিবিচন অৱ প’লিগেমী বিল-২০২৫’ শীর্ষক এখন বিধেয়ক বিধানসভাত উত্থাপনৰ বাবে অনুমোদন জনায়। মুখ্যমন্ত্রী ড° শর্মাই এই কথা সদৰী কৰি কয় যে বিধেয়কখন গৃহীত হোৱাৰ পাছত যিসকলে দ্বিতীয় বা তৃতীয় বিবাহ কৰায়, তেওঁলোকক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ ব্যৱস্থা ৰখা হৈছে। অর্থাৎ বিধেয়কখন অনুসৰি এগৰাকী বৈধ পত্নী থকাৰ পাছতো একাধিক বিয়া কৰোৱা পুৰুষসকলে ৭ বছৰ পৰ্যন্ত সশ্ৰম কাৰাবাসৰ শাস্তি ভোগ কৰিব লাগিব। লগতে ইয়াৰ অধীনত গ্ৰেপ্তাৰ কৰাসকলে তাৎক্ষণিকভাৱে জামিন লাভ নকৰিব। সেইদৰে বহুবিবাহৰ বলি হোৱা নির্যাতিত মহিলাসকলক আর্থিকভাৱে ক্ষতিপূৰণ দিয়াৰ বাবে আমি এটা পুঁজি তৈয়াৰ কৰিম যাতে কোনো মহিলা ভুক্তভোগী হ’ব নালাগে। তেওঁলোকে চৰকাৰৰ পৰা ক্ষতিপূৰণ পাব। অহা ২৫ নৱেম্বৰত আমি বিধানসভাত বিধেয়কখন উত্থাপন কৰিম। অৱশ্যে অনুসূচিত জাতিৰ লোকসকল এই বিধেয়কখনৰ আওতাৰ পৰা বাহিৰত থকাৰ লগতে ষষ্ঠ অনুসূচীৰ অধীনৰ অঞ্চলসমূহত ই সদ্যহতে প্রযোজ্য নহ’ব। এই কেবিনেটে উত্তৰ গুৱাহাটীৰ ৰংমহলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ‘ষ্টেট অৱ আর্ট জুডিচিয়েল টাউনশ্বিপ’ৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ কাৰ্যৰ বাবে ৪৭৮.৭৮ কোটি টকাৰ পুঁজিত প্রশাসনিক অনুমোদন জনায় বুলিও মুখ্যমন্ত্রী ড° শর্মাই জানিবলৈ দিয়ে। এই সন্দর্ভত তেওঁ কয় যে ইয়াত তিনিটা পর্যায় থাকিব। প্রথম পৰ্যায়ৰ অনুমোদন হোৱাৰ লগে লগে লোকনির্মাণ বিভাগে নিবিদা আহ্বান কৰিব। জানুৱাৰী মাহত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আমন্ত্ৰণ কৰি আমি আধাৰশিলা স্থাপনৰ পৰিকল্পনা কৰিছোঁ। তেওঁ জানিবলৈ দিয়া মতে, ‘ষ্টেট অব আর্ট জুডিচিয়েল টাউনশ্বিপ’ৰ প্রথম পর্যায়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাবে ৩১জন ন্যায়াধীশ বহিব পৰা, অধিবক্তাসকলৰ বাবে এটা ৭মহলীয়া বাৰ ভৱন আৰু আন এটা ৭মহলীয়া কার্যালয় ভবন নির্মাণ কৰা হ’ব। মুখ্যমন্ত্রী ড° শর্মাই কয় যে বর্তমানে থকা দৌলগোবিন্দ মন্দিৰৰ পৰা যোৱা ৰাস্তাৰ উপৰি ব্ৰহ্মপুত্ৰৰ নতুন দলঙেৰে যাবৰ কাৰণে সমান্তৰালকৈ দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰিম। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাবে ইতিমধ্যে ৰংমহলত ৰাজ্য চৰকাৰে ১০০ বিঘা মাটি অধিগ্রহণ কৰাৰ কথাও তেওঁ উল্লেখ কৰে। ৰাজ্যৰ মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলক ‘কেৰিয়াৰ এডভান্সমেন্ট স্কিম’ৰ অধীনত পদোন্নতি দিয়াৰ ক্ষেত্ৰত ৰাজ্যিক কেবিনেটে এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে। এই বিষয়ে মুখ্যমন্ত্রী ড° শর্মাই জানিবলৈ দিয়া মতে, অধ্যাপক-অধ্যাপিকাসকলক পদোন্নতি দিয়াৰ বিষয়ত এতিয়ালৈকে অধিসূচনা জাৰিৰ দিনটোক কাৰ্যকৰীকৰণৰ তাৰিখ হিচাপে গণ্য কৰি অহা হৈছে। কিন্তু আজিৰ কেবিনেটে অধিসূচনা জাৰিৰ দিনটোৰ পৰিৱৰ্তে যোগ্যতাপ্রাপ্তিৰ তাৰিখক পদোন্নতিৰ ক্ষেত্ৰত কাৰ্যকৰীকৰণৰ তাৰিখ হিচাপে গণ্য কৰাত অনুমোদন জনায়। যিটো অসম কলেজ সংস্থাৰ দাবী আছিল। কেবিনেটে ‘আছাম ষ্টার্ট আপ এণ্ড ইন’ভেচন প’লিচি, ২০২৫-৩০’ত অনুমোদন জনোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ইয়াৰ অধীনত ১০ লাখ টকা পর্যন্ত আইডিয়েচন গ্রান্ট, ২০ৰ পৰা ৪০ লাখ টকা পর্যন্ত প্র’টোটাইপ ডেভেল’পমেন্ট গ্রান্ট, ৫০ লাখ টকা পর্যন্ত ছীড ফাণ্ড আৰু ১০ কোটি টকা পর্যন্ত স্টার্টআপ ভেন্সাৰ কেপিটেল ফাণ্ডৰ দৰে পুঁজিগত সাহায্য প্রদানৰ ব্যৱস্থা থাকিব। স্বৰ্গদেউ চাউলুং চুকাফাৰ নামেৰে চৰাইদেউ জিলাৰ এখন নতুন গ্রীনফিল্ড বিশ্ববিদ্যালয় স্থাপনতো কেবিনেটে অনুমোদন জনাইছে। এই বিশ্ববিদ্যালয়খনত কলা আৰু বিজ্ঞান শাখাৰ উপৰি প্ৰধানকৈ বাণিজ্য-ব্যৱসায় ব্যৱস্থাপনা পাঠ্যক্ৰমৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ’ব। এই বিষয়ত উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব বিশ্ববিদ্যালয়খনক। অহা ২৫ নৱেম্বৰৰ পৰা আৰম্ভহ’বলগীয়া বিধানসভাৰ অধিৱেশনত বিশ্ববিদ্যালয়খন স্থাপনৰ বাবে বিধেয়ক উত্থাপন কৰা হ’ব। উক্ত কেবিনেটে সদ্য বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্রিকেট দলৰ সদস্যা উমা ছেত্রীক অভিনন্দন জ্ঞাপন কৰাৰ কথা সদৰী কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে কেবিনেটে উমা চেত্ৰীলৈ ২৫ লাখ টকাৰ অনুদান ঘোষণা কৰিছে। কোনোবাদিনা তেওঁক নিমন্ত্ৰণ কৰি অথবা তেওঁৰ ঘৰলৈ গৈ এই অনুদান আমি প্রদান কৰিম। ৰাজ্য চৰকাৰে পূৰ্বেও উমা চেত্ৰীক ১০ লাখ টকাৰ অনুদান আগবঢ়াইছিল। ইফালে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি  গুৱাহাটীত আয়োজিত ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব’ সন্দৰ্ভত তেওঁ কয় যে ভাৰতীয় বায়ুসেনা বাহিনীয়ে অসমত পূর্বে কেতিয়াও ইমান ডাঙৰ প্ৰদৰ্শন কৰা নাছিল। আমাৰ দৰে চহৰবোৰত এনেধৰণৰ এয়াৰ শ্ব’ কৰাৰ উদ্দেশ্য মনোৰঞ্জন নহয়। উদ্দেশ্য হ’ল যাতে আমাৰ যুৱক-যুৱতীয়ে বায়ুসেনাত যোগদান কৰাৰ আগ্রহ প্রকাশ কৰে।