মুখ্যমন্ত্ৰীয়ে ৬০০ কোটি টকাৰ পেকেজ ঘোষণা কৰা কাৰ্যক আপৰ গৰিহণা

pc The Sentinel Assam

মুখ্যমন্ত্ৰীয়ে ৬০০ কোটি টকাৰ পেকেজ ঘোষণা কৰা কাৰ্যক আপৰ গৰিহণা

ৰঙিলী বাৰ্ত্তাসেৱা-   গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনলৰ সময়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নির্বাচনী আচৰণ বিধি উলংঘা কৰি ৬০০ কোটি টকাৰ পেকেজ ঘোষণা কৰা কাৰ্যক আম আদমি পার্টীয়ে তীব্র ভাষাৰে গৰিহণা দিয়ে । আপৰ যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত দোবে এক প্ৰেছ বিবৃতি যোগে কয়- বছৰ ধৰি শাসনত থকাৰ পাছতো মহানগৰখনৰ বাবে একো কৰিব নোৱাৰা বিজেপিয়ে নির্বাচনী বৈতৰণী পাৰ হ’বলৈ প্ৰলোভন আৰু মিথ্যাচাৰত আশ্ৰয় লৈছে । নির্বাচনৰ আগত বিজেপিয়ে পেকেজ ঘোষণাৰ ৰাজনীতিৰে জনতাক প্ৰৱঞ্চনা কৰি অহা কাৰ্য নতুন নহয় ৷ কিন্তু ক্ষমাতালৈ অহাৰ পাছত এই পেকেজ কেতিয়াও কাৰ্যকৰী কৰা নহয় । ভোটাৰক একমাত্র প্রলোভন দিয়াৰ বাদে গুৱাহাটীৰ উন্নয়নৰ বাবে কোনো উদ্দেশ্য এই পেকেজত নাই । আম আদমি পার্টীয়ে মুখ্যমন্ত্রী শৰ্মাক প্রত্যাহ্বান জনাই পুনৰ কয় যে এই পেকেজৰ জৰিয়তে পৌৰ নিগমে কি কি কাম কিমান দিনৰ ভিতৰত সম্পূর্ণ কৰিব , সেই বিষয়ৰ সবিশেষ মুখ্যমন্ত্রীয়ে জনতাক অৱগত কৰক । গুৱাহাটীবাসীয়ে বিজেপিৰ মিথ্যাচাৰত আৰু ভোল নাযায় ।আপৰ উত্থানত শংকিত বিজেপি আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবিধান আৰু গণতান্ত্রিক প্রহসনত পৰিণত কৰা কাৰ্যক গৰিহণা দিবলৈ আপে ভাষা বিচাৰি পোৱা নাই । মুখ্যমন্ত্রীয়ে গুৱাহাটীৰ ৬০ টা ৱাৰ্ডৰ বাবে ৬০০ কোটি টকাৰ পেকেজ ভোট গ্রহণৰ চাৰি দিন আগতে ঘোষণা কৰা অপকর্মক গুৰুত্বসহকাৰে লৈ নিৰ্বাচনী বিষয়াৰ ওচৰত অভিযোগ উত্থাপন কৰিব । এইখিনিতে আপে বিজেপিক সতৰ্ক কৰি দিয়ে যাতে জনতাৰ বাবে দলটোৱে কাম কৰে । কাৰণ অসমৰ ৰাজনৈতিক পথাৰত একমাত্র উন্নয়নৰ ৰাজনীতি কৰা অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টী আহি গৈছে । অন্যথা পৰৱৰ্তী নির্বাচনবোৰতো বিজেপিয়ে নির্বাচনৰ আগত জনতাক প্রলোভন দি দি তৰণি নাপাব৷