মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত মাৰ্ঘেৰিটাত চেক প্ৰদান মুখ্যমন্ত্রী ড° শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- নলবাৰী-জাগীৰোডৰ পাছত মাৰ্ঘেৰিটা সমষ্টিত ‘মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান’ৰ অধীনত আত্মসহায়ক গোটৰ সদস্যাসকলৰ মাজত পুঁজি বিতৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। সমষ্টিটোৰ গ্ৰামাঞ্চলৰ ১৬,৬০৩ গৰাকী আৰু পৌৰসভা এলেকাৰ ১,৭৬৭ গৰাকী মুঠ ১৮,৩৭০ গৰাকী হিতাধিকাৰীক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰা হয়। এই উপলক্ষে মাৰ্ঘেৰিটাৰ দিহিং ক্রীড়া প্রকল্পত আয়োজিত এক জনাকীর্ণ সভাত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে গঠন হোৱাৰে পৰা অসমৰ আত্মসহায়ক গোটসমূহলৈ চৰকাৰে ঘূর্ণীয়মান পুঁজিৰ যোগান, বেংকৰ পৰা ঋণ প্রদান আদি বিভিন্ন ক্ষেত্রত সহায় কৰি আহিছে। সময় অতিবাহিত হোৱাৰ সমান্তৰালকৈ আত্মসহায়ক গোটৰ মহিলাসকলে বৈঠক পাতি কাৰ্যবিৱৰণী লিখাৰ লগতে বেংকৰ সৈতে পৰিচয় হোৱাৰ উপৰি বিভিন্ন সামগ্রী উৎপাদন কৰি নিজকে আগবঢ়াই নিবলৈ সক্ষম হৈছে। অসমত ৪ লাখ আত্মসহায়ক গোট আছে আৰু প্ৰতিটো গোটত ১০ গৰাকীকৈ সদস্যাৰে প্ৰায় ৪০ লাখ মহিলা ইয়াৰ সৈতে জড়িত। চৰকাৰে আগবঢ়োৱা পৃষ্ঠপোষকতা, সহায়ৰ জৰিয়তে বৰ্তমানলৈকে ৮ লাখ মহিলাই বছৰি ১ লাখতকৈ অধিক টকা উপার্জন কৰিবলৈ সক্ষম হৈছে। মাজে-সময়ে এই লাখপতি বাইদেউসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীলৈ মাতি নি উৎসাহিত কৰিছে। অসম চৰকাৰেও তেওঁলোকক বিভিন্ন প্ৰকাৰে স্বীকৃতি দিয়াৰ চেষ্টা কৰিছে। যদি ৮ লাখ মহিলা লাখপতি হ’ব পাৰিছে তেনেহ’লে চেষ্টা কৰিলে আত্মসহায়ক গোটৰ আন মহিলাসকলো লাখপতি বাইদেউ হিচাপে নিজকে উত্তৰণ ঘটাব পাৰিব। সেই উদ্দেশ্যে চৰকাৰে ‘মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান’ৰ শুভাৰম্ভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই অভিযানৰ জৰিয়তে প্ৰথম বছৰত মহিলাসকলক ১০ হাজাৰ টকাকৈ বীজ মূলধন হিচাপে আগবঢ়োৱা হ’ব আৰু এই ধন ভাল কাম অর্থাৎ উৎপাদনমূলক বা ব্যৱসায়িক কামত খৰচ কৰিলে অহা বছৰ দ্বিতীয় কিস্তি হিচাপে ২৫ হাজাৰ টকাকৈ আগবঢ়োৱা হ’ব। উদ্যমী মহিলাসকলে দ্বিতীয় কিস্তি হিচাপে লাভ কৰা ২৫ হাজাৰ টকাও ভালদৰে খৰচ কৰিলে বেংক আৰু চৰকাৰে মিলি প্ৰতিগৰাকী মহিলাক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰিব। চৰকাৰে ইতিমধ্যে উদ্যমী মহিলাসকলক চেকযোগে ধন আগবঢ়োৱাৰ পদক্ষেপ গ্রহণ কৰি প্ৰতিশ্রুতি পূৰণৰ নিদৰ্শন দাঙি ধৰিছে। চেকযোগে লাভ কৰা ১০ হাজাৰ টকা কেনেদৰে খৰচ কৰিব সেই সন্দৰ্ভত মহিলাসকলক সাৱলীলভাৱে ব্যাখ্যা কৰে মুখ্যমন্ত্রী ড° শৰ্মাই। এই ধন খৰচৰ তিনিটা নিয়মৰ কথা উল্লেখ কৰি তেওঁ কয় যে ১০গৰাকী সদস্যাৰ প্ৰত্যেকে ১০ হাজাৰ টকাকৈ আত্মসহায়ক গোটৰ একাউণ্টত জমা কৰি ব্যৱসায় আৰম্ভ কৰিলে টকাখিনিৰ সদ্ব্যৱহাৰ হ’ব। অৱশ্যে কোনো মহিলাই ধনখিনি একাউণ্টত জমা নিদি নিজাকৈ তাঁতশাল, গাহৰি-কুকুৰা-গো-পালন, পিঠাপনাৰ ব্যৱসায়তো খৰচ কৰিব পাৰে। মহিলাসকলে ইচ্ছা কৰিলে আঁচনিৰ অধীনত লাভ কৰা ধন তেওঁলোকৰ স্বামীৰ ব্যৱসায়তো বিনিয়োগ কৰিব পাৰিব। এই ধনখিনিৰ জৰিয়তে ব্যৱসায়ত লাভ হ’বই লাগিব বুলি কথা নাই। ভাল কামত ব্যৱহাৰ কৰিলেই পিছলৈ ২৫ হাজাৰ টকা, তাৰ পিছত ৫০ হাজাৰ টকা লাভ কৰিব। মুখ্যমন্ত্রী ড° শৰ্মাই পুনৰ কয় যে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান আৰু অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ তৰফৰ পৰা মহিলাসকলক নিজ নিজ অঞ্চলতে তিনিদিনৰ প্ৰশিক্ষণ প্রদান কৰা হ’ব। ২০২১ চনৰ নিৰ্বাচনৰ সময়ত অৰুণোদয় আঁচনি আৰম্ভ কৰা হৈছিল। সেই সময়ত একাংশই নির্বাচনক লক্ষ্য কৰি আঁচনিখন আৰম্ভ কৰা বুলি সমালোচনা কৰি নিৰ্বাচনৰ পাছতে আঁচনিখন বন্ধ হৈ যাব বুলি কৈছিল। কিন্তু এনে সমালোচনাৰ বিপৰীতে অৰুণোদয় বন্ধ নহ’ল, বৰং আঁচনিখনৰ ধন ৮৩০ টকাৰ পৰা ১,০০০ টকা, ১,০০০ টকাৰ পৰা ১,২৫০ টকালৈ বৃদ্ধি পালে। এই বাৰ অৰুণোদয় পৰিয়ালক গেছৰ ছিলিণ্ডাৰ ক্ৰয়ৰ বাবে আৰু ২৫০ টকাকৈ ৰাজসাহায্য প্ৰদান কৰা হ’ব আৰু ইয়াৰ জৰিয়তে এগৰাকী মহিলাই মাহে ১,৫০০ টকাকৈ লাভকৰিব বুলি মন্তব্য কৰি তেওঁ কয়- ‘মই অৰুণোদয়ৰ গছপুলিডাল ৰুইছিলোঁ, আজি ই বটবৃক্ষত পৰিণত হ’ল। অহা ১৭ ছেপ্টেম্বৰৰ পৰা ৩৬ লাখ মহিলাই অৰুণোদয় লাভ কৰিব। একেদৰে আজি মহিলা উদ্যমিতা আঁচনিৰ যিডাল গছপুলি ৰোৱা হ’ল, ইয়াক প্রথমে ২৫ হাজাৰ টকা, তাৰ পাছত ৫০ হাজাৰ টকালৈ নিহে আমি ক্ষান্ত হ’ম। আপোনালোকে মাত্র আমাক আশীৰ্বাদ কৰিব। অৰুণোদয়, মহিলা উদ্যমিতা আঁচনি, নিযুত মইনা আঁচনি, স্বচ্ছ প্ৰক্ৰিয়াৰে চৰকাৰী চাকৰি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আদি আঁচনি আমি আৰম্ভ কৰিছোঁ। এনে কাম কোনেও আগতে কৰিব পৰা নাছিল।’ বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ৰাজ্যলৈ শান্তি, সমৃদ্ধি অনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ‘মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান’ত প্রায় ৪ হাজাৰ কোটি টকা খৰচ হ’ব। যেতিয়া মহিলাসকলক ২৫ হাজাৰ টকাকৈ দিয়া হ’ব তেতিয়া ১০ হাজাৰ কোটি টকা আৰু পৰৱৰ্তী সময়ত ৫০ হাজাৰ টকাকৈ মহিলাসকলক দিলে চৰকাৰক ২০ হাজাৰ কোটি টকাৰ প্ৰয়োজন হ’ব। অর্থাৎ ‘মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান’ত সৰ্বমুঠ ৩৪ হাজাৰ কোটি টকা খৰচ হ’ব বুলি মন্তব্য কৰি তেওঁ কয় যে ইয়াৰ উপৰি অৰুণোদয় আঁচনিৰ ধন দিওঁতে মাহত ৪০০ কোটি টকাকৈ বছৰত ৪,৮০০ কোটি টকা চৰকাৰৰ প্ৰয়োজন হয়। ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই ৰাজ্য চৰকাৰে নিযুত মইনা আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰীক প্রতিমাহত ১ হাজাৰ টকা, স্নাতক মহলাৰ ছাত্ৰীক ১,২৫০ টকা আৰু স্নাতকোত্তৰত অধ্যয়নৰত ছাত্ৰীক ২,৫০০ টকাকৈ প্রদান কৰাৰ কথাও উল্লেখ কৰে। তদুপৰি অহা ১ নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউলৰ লগতে সুলভ মূল্যত দাইল, চেনি, নিমখ প্ৰদান কৰা হ’ব বুলিও সদৰী কৰি তেওঁ কয়- ‘আগতে কোনো চৰকাৰৰ দিনত মহিলাসকলৰ বাবে ইমান আঁচনি কেতিয়াও লোৱা নাছিল।’ অনাগত সময়তো এনেদৰে কাম কৰি যাবলৈ অনুষ্ঠানত ৰাইজৰ আশীৰ্বাদ বিচাৰে মুখ্যমন্ত্ৰীয়ে। আজিৰ এই অনুষ্ঠানত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদি বিভাগৰ মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্রী বিমল বড়া, শক্তি আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, শ্রমিক কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক সঞ্জয় কিষাণ, বলীন চেতিয়া, সুৰেন ফুকন, ভাস্কৰ শৰ্মাৰ উপৰি অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ মিছন সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী ড° শৰ্মাই তিনিচুকীয়া জিলাত বহনক্ষম আৰু বিজ্ঞানসন্মত গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মাৰ্ঘেৰিটাত আৱৰ্জনা নিষ্কাশন কেন্দ্ৰ আৰু আৱৰ্জনাৰ পৰা জৈৱ সাৰ প্ৰস্তুত কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। তিনিচুকীয়া জিলা প্রশাসন আৰু মাৰ্ঘেৰিটা পৌৰসভাই প্রায় ৬ কোটি টকা ব্যয়েৰে এই প্ৰকল্পটো স্থাপন কৰিছে। ইয়াৰ জৰিয়তে পৌৰসভা এলেকাৰ দৈনিক ৫০ মেট্রিকটন গোটা আৱৰ্জনা সংসাধন কৰা হ’ব। তেওঁ প্রকল্পস্থলীত এটা নিমগছৰ পুলিও ৰোপণ কৰে। মাৰ্ঘেৰিটাত আন এক কাৰ্যসূচী হিচাপে আজি বিজেপিৰ নৱনিৰ্মিত কার্যালয় ভৱন ‘অটল বিহাৰী বাজপেয়ী ভৱন’টো বিজেপিৰ দলীয় কৰ্মীসকলৰ হৰ্যোল্লাসৰ মাজত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্রী ড° শৰ্মাই। কাৰ্যালয়টো বিজেপিৰ কৰ্মকৰ্তাসকলৰ বাবে একোটা মন্দিৰসদৃশ আৰু এই কার্যালয়ে কার্যকৰ্তাসকলক ৰাইজৰ বাবে কাম কৰি যোৱাত অধিক উৎসাহ যোগাব বুলি মুখ্যমন্ত্রী ড° শৰ্মাই মন্তব্য কৰে। এই কাৰ্যসূচীত উপস্থিত থাকে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্রী বিমল বড়া, তিনিচুকীয়াৰ জিলা উপায়ুক্ত স্বপ্ননীল পাল, মাৰ্ঘেৰিটাৰ সমজিলাৰ আয়ুক্ত ৰাহুল দলে, তিনিচুকীয়া জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত প্রীতম গগৈ, মাৰ্ঘেৰিটাৰ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্তৰ লগতে মাৰ্ঘেৰিটা পৌৰসভাৰ পৌৰপতি আনন্দ কুমাৰ শৰ্মা।