মুখ্যমন্ত্রী নিযুত মইনা আচঁনি-২.০ৰ আবেদন-পত্ৰ বিতৰণ কাৰ্য্যসূচীত অংশগ্ৰহণ শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- কন্যাৰ উচ্চ শিক্ষাৰ বাট সুনিশ্চিত কৰি সৱলীকৰণৰ দিশে আগুৱাই নিবলৈ আৰু বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধেৰে এক সুৰক্ষিত ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ৰাজ্যত ১০ লাখ ছাত্ৰীক সাঙুৰি ৬ আগষ্ট তাৰিখে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰা “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি-২.০”ৰ আবেদন পত্ৰ বিতৰণৰ লগত সংগতি ৰাখি ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শক্তি, দক্ষতা বিকাশ, নিয়োগ, উদ্যমিতা, স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনে। “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী প্ৰশান্ত ফুকনে কয় যে নাৰীৰ উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত তথা বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি ৰোধ কৰাত এই আচঁনিখন যথেষ্ঠ ফলপ্ৰসূ পৰিগণিত হ’ব। তেওঁ পুনৰ কয় যে বহু দৰিদ্ৰ পৰিয়ালৰ মেধাৱী কন্যা সন্তানে কেৱল অৰ্থৰ অভাৱত আধাতে শিক্ষা সাং কৰিবলগীয়া হয়; তেনে ক্ষেত্ৰত অসম চৰকাৰৰ এই অভিলাষী এই আচঁনিখন সেইসকল ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ লগতে সুৰক্ষিত ভৱিষ্যত গঢ়াত যথেষ্ঠ সহায়ক হ’ব। আনহাতে, নাৰী সৱলীকৰণৰ ক্ষেত্রত এনে এক আচঁনি প্ৰৱৰ্তন কৰাৰ বাবে তেওঁ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। উল্লখযোগ্য যে, ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত ১৯৯৪ গৰাকী ছাত্ৰীক”মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি-২.০”ৰ আবেদন পত্ৰ বিতৰণ কৰা হয়। আনহাতে, দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয়, চাবুৱাত বিধায়ক বিনোদ হাজৰিকাৰ উপস্থিতিত ৬১৯ গৰাকী, ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বানিজ্য মহাবিদ্যালয়ত ডিব্ৰুগড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাৰ উপস্থিতিত ৫৭৮ গৰাকী, ডিব্ৰু মহাবিদ্যালয়ত ডিব্ৰুগড় পৌৰ নিগমৰ উপ-মেয়ৰ উজ্বল ফুকনৰ উপস্থিতিত ৯৫৫ গৰাকী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ উপস্থিতিত ২৪০ গৰাকী, মনোহাৰী দেৱী কানৈ বালিকা মহাবিদ্যালয়ত অসম ৰাজ্যিক হাউচিং বৰ্ডৰ অধ্যক্ষ পুলক গোঁহাইৰ উপস্থিতিত ১২৫০ গৰাকী, নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰৰ উপস্থিতিত ২৭১ গৰাকী, খোৱাং মহাবিদ্যালয়ত বিধায়ক চক্ৰধৰ গগৈৰৰ উপস্থিতিত ১৪৪ গৰাকী, পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয়ত সমাজকৰ্মী হেমন্ত বুঢ়াগোঁহাইৰ উপস্থিতিত ২২৩ গৰাকী, দুলীয়াজান মহাবিদ্যালয়ত বিধায়ক তেৰচ গোৱালাৰ উপস্থিতিত ৬৬৭ গৰাকী, দুলীয়াজান বালিকা মহাবিদ্যালয়ত জিলা পৰিষদৰ সদস্য কৃষ্ণ কমল দাসৰ উপস্থিতিত ১৬০ গৰাকী, টেঙাখাট মহাবিদ্যালয়ত অসম গেছ কোম্পানী লিমিটেডৰ উপাধ্যক্ষ ইন্দ্ৰ হহৈৰ উপস্থিতিত ৩৬৪ গৰাকী, মৰাণ বানিজ্য মহাবিদ্যালয়ত এ.পি.ডি.চি.এলৰ অধ্যক্ষ বিকুল ডেকাৰ উপস্থিতিত ১৪ গৰাকী, টিংখাং মহাবিদ্যালয়ত অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদি বিভাগৰ মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত ৫২৩ গৰাকী, নাহৰকটীয়া মহাবিদ্যালয়ত জিলা পৰিষদৰ সদস্য মৃদুল কলিতাৰ উপস্থিতিত ৪৭৭ গৰাকী আৰু নামৰূপ মহাবিদ্যালয়ত বিধায়ক তৰংগ গগৈৰ উপস্থিতিত ২৪০ গৰাকী ছাত্ৰীৰ মাজত নিযুত মইনা ২.০ আঁচনিৰ আবেদন পত্ৰসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়।