মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে অসমত পুনৰ বিজেপি চৰকাৰ গঠন হ’বঃঅমিত শ্বাহ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে অসমত পুনৰ বিজেপি চৰকাৰ গঠন হ’বঃঅমিত শ্বাহ

ৰঙিলী বাৰ্ত্তাসেৱা-   ২০২৬ চনৰ বিধানসভা নির্বাচনৰ ৰণডংকা বজালে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে।পুনৰবাৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিজেপিৰ চৰকাৰ গঠন হ’ব বুলি ঘোষণা কৰি অমিত শ্বাহৰ মন্তব্য- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিগত ১১ বছৰত অসম তথা উত্তৰ-পূবৰ উন্নয়নৰ লগতে কলা-সংস্কৃতিৰ বিকাশত যি অৰিহণা প্ৰদান কৰিলে তাৰ ফলতেই এতিয়া পঞ্চায়তৰ পৰা সংসদলৈ বিজেপিৰ নেতৃত্বত গঠন হৈছে চৰকাৰ। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত বিশাল পঞ্চায়ত প্রতিনিধিৰ সন্মিলনক সম্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ঘোষণা-বিগত দুটাকৈ কার্যকাল অসমত বিজেপি চৰকাৰে শাসনৰ দায়িত্ব লোৱাৰ পাছত পুনৰবাৰ ২০২৬ চনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত গঠন হ’ব চৰকাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবত বিকাশৰ যি নতুন যুগ আৰম্ভ কৰিলে, ইয়াক অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনৰ প্ৰতিখন গাঁও আৰু অঞ্চললৈ নিবলৈ সক্ষম হৈছে। ইয়াৰ ফলতেই প্রতিবাৰেই বিজেপিৰ বিজয় সম্ভৱ হৈছে। পঞ্চায়ত নিৰ্বাচন ৰাজনৈতিক দলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। কিয়নো অসম আন্দোলনৰ পাছত প্ৰথমবাৰৰ বাবে পঞ্চায়ত নির্বাচনত ৭৬ শতাংশতকৈ অধিক ভোটদানেৰে বিজেপি বিজয়ী হৈছে। অসমত ১১খন লোকসভাৰ আসনত জয়ী হোৱাৰ লগতে ৰাজ্যসভাত ৫খন আসনত এনডিএ জয়ী হোৱাৰ লগতে ২০২১ চনৰ পৰা হোৱা ১১টা নির্বাচনত সকলোতে বিজয়ী হৈছে এনডিএ। কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ এই তিনিওখন স্বায়ত্তশাসিত পৰিষদত এনডিএৰ বিজয় সম্ভৱ হৈছে। প্রধানমন্ত্রী মোদীৰ নেতৃত্বতে সমগ্ৰ উত্তৰ-পূবত এই বিজয় সম্ভৱ হৈছে। অসমৰ সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় নৃত্য ৰূপে স্বীকৃতি দিয়াৰ লগতে লাচিত বৰফুকন আৰু শ্ৰীমন্ত শংকৰদেৱক বিশ্ব স্তৰলৈ নিয়াৰ কামো বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতেই হৈছে। এয়াই নহয়, লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী দিল্লীত অনুষ্ঠিত কৰি সমগ্ৰ দেশতে এই বীৰজনৰ গৰিমাক পৰিচয় কৰি দিয়া হৈছে। সন্মিলনত উদাত্ত কণ্ঠেৰে ভাষণ প্রদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিখন আঁচনিক সফল ৰূপত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে প্রতিখন গাঁৱলৈ লৈ যাবলৈ সক্ষম হৈছে। যাৰ বাবে আজি বিজেপিয়ে পঞ্চায়তত বৃহৎ বিজয় লাভ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয়- বিজেপি চৰকাৰে অসমৰ কলা-সংস্কৃতিক সদায় অগ্ৰাধিকাৰ দি আহিছে। শ্রীমন্ত শংকৰদেৱ আৰু লাচিত বৰফুকনৰ গৰিমাক দাঙি ধৰাৰ সমান্তৰালকৈ বডোফা উপেন্দ্রনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি দেশৰ ৰাজধানীত প্ৰতিষ্ঠা কৰিছে।  ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ ১০খন দলং নির্মাণ হৈছে। সমগ্ৰ উত্তৰ-পূৰ্বতে আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ বাবে শান্তি বিৰাজ কৰিছে। ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে স্বচ্ছ আৰু নিকাৰে প্ৰদান কৰা নিযুক্তিক ভূয়সী প্রশংসা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়- অসমত এতিয়া চৰকাৰী চাকৰি নিকাভাৱে পোৱাৰ ব্যৱস্থাক দেশৰ সকলোৱে বিশেষ দৃষ্টিৰে চাইছে। এডভান্টেজ অসমৰ জৰিয়তে নতুন নতুন বিনিয়োগৰ সৃষ্টি হৈছে, প্ৰতিখন চৰকাৰী আঁচনিয়ে ৰাইজৰ অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ সক্ষম হৈছে। উল্লেখ্য যে প্রায় ২০ হাজাৰ নির্বাচিত জনপ্রতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই সন্মিলনত বিজেপিৰ ১৬,৬৭১গৰাকী পঞ্চায়ত প্রতিনিধিৰ লগতে অগপৰ ১,৫০০তকৈও অধিক প্রতিনিধি উপস্থিত থাকে। এই বিশাল সন্মিলনত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পঞ্চায়ত প্রতিনিধিসকলক উদ্দেশ্যি কয়- পোনপ্রথমতে মই এই বিশাল বিজয়ৰ বাবে পঞ্চায়ত প্রতিনিধিসকলক শুভেচ্ছা জনাইছোঁ। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই যেতিয়াই পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ ঘোষণা কৰিছিল, তেতিয়া দিল্লীত ৰাজনীতিক বিশেষজ্ঞসকলৰ ধাৰণা আছিল যে এইবাৰ পঞ্চায়তত কংগ্ৰেছে মূৰ দাঙি থিয় হ’ব, কিন্তু যেতিয়া পৰিণাম আহিল কংগ্ৰেছ দলৰ অস্তিত্বই নাইকিয়া হৈ পৰিল। অসমৰ পঞ্চায়ত নির্বাচনত কংগ্রেছ প্ৰাৰ্থীক দূৰবীণ লৈও বিচাৰি নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে। এনে প্রচণ্ড বিজয় এইবাৰ এনডিএই লাভ কৰিবলৈ সক্ষম হৈছে। পঞ্চায়ত নির্বাচনত এনডিএ মিত্রজোঁটে ৩৯৭খন আসনৰ ভিতৰত ৩০১খন আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। একেদৰে আঞ্চলিক পঞ্চায়তৰ ২,১৮৮খনৰ ভিতৰত ১,৪৪৫খন আসনত জয় লাভ কৰিবলৈ সক্ষম হৈছে। কোনো ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতা অবিহনে গাঁও পঞ্চায়তত ২১,৯২০টা ৱাৰ্ডৰ ভিতৰত মিত্ৰজোঁটে আশানুৰূপ সফলতা লাভ কৰিছে। এইদৰে নিৰ্বাচিত প্রতিনিধিসকলক মই হৃদয়পূর্বক ধন্যবাদ জনাইছোঁ। আনহাতে, বিৰোধী কংগ্ৰেছ তথা গৌৰৱ গগৈক তীব্র সমালোচনা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ মন্তব্য- অবৈধ প্রৱেশকাৰীক ৰক্ষণাবেক্ষণ দিব খোজা নেতাৰ প্ৰয়োজন নাই অসমত। অসমৰ নেতৃত্ব বাৰে বাৰে পাকিস্তানলৈ যোৱা নেতাৰ হাতত নাথাকে। অসমৰ দায়িত্ব অবৈধ দখলকাৰী তথা সন্দেহজনক লোকক ৰক্ষণাবেক্ষণ দিয়া নেতাক দিয়া নহয়। অসমৰ নেতৃত্ব নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলিব। অসমৰ সৰ্ববৃহৎ সমস্যা আছিল সন্দেহজনক লোকৰ অবৈধ দখল আৰু বাল্যবিবাহ। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এক অভিযান চলাই এই সকলো বাল্যবিবাহ বন্ধ কৰাই নহয়, নাবালিকাক বিবাহ কৰোৱা লোকসকলক কাৰাগাৰলৈ নিক্ষেপ কৰিলে। ইয়াৰ বিপৰীতে নাবালিকাসকলৰ বাবে শিক্ষা-দীক্ষাৰ বিশেষ ব্যৱস্থা আৰম্ভ কৰিলে। প্রায় ৯ লাখ ২৭ হাজাৰ ৯৪০ ছাত্ৰীক নিযুত মইনা আঁচনিৰ জৰিয়তে উপকৃত কৰিছে। স্কুলৰ ছাত্ৰীসকলক এহেজাৰ টকাকৈ, উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীক ১,২৫০ টকাকৈ আৰু স্নাতকোত্তৰ পৰ্যায়ত ২,৫০০ টকাকৈ প্রতিমাহে দিয়াৰো এই আঁচনিত ব্যৱস্থা লোৱা হৈছে। এয়াই নহয়, এই অভিযানৰ দ্বাৰা কেইবালাখ বিঘা বেদখলীকৃত ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে সমৰ্থ হৈছে। পঞ্চায়ত প্রতিনিধিসকলক উদ্দেশ্যি অমিত শ্বাহৰ প্ৰশ্ন- অসমৰ ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰিব লাগেনে নাই? যদি মুক্ত কৰিবই লাগে তেন্তে গৌৰৱ গগৈৰ দৰে নেতাই ইয়াৰ বিৰোধিতা কিয় কৰিছে? মই আজি এই মঞ্চৰ পৰাই ক’ব বিচাৰোঁ- গৌৰৱজী যিমান বিৰোধিতা কৰিব বিচাৰে কৰক। বিজেপিৰ চৰকাৰ আছে, বেদখলত থকা এক এক ইঞ্চি ভূমি খালী কৰিম। এই ভূমিৰ ওপৰত অধিকাৰ থাকিব ৰাজ্যৰ খিলঞ্জীয়া যুৱকসকলৰ। কংগ্ৰেছৰ শাসনকালতেই কংগ্ৰেছৰ জন্মভূমিত সন্দেহজনক লোকে যি বেদখল চলাইছিল সেয়া মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই উচ্ছেদ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ দ্বাৰাই শংকৰদেৱৰ কলা-কৃষ্টি আৰু আদৰ্শক জীয়াই ৰখাৰ পথত অগ্ৰসৰ হৈছে ৰাজ্য চৰকাৰ। গৃহমন্ত্ৰীয়ে কয়- ৰাজ্য চৰকাৰখনে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিনটোত গ্ৰহণ কৰিবলগা অৰুণোদয় ৩.০ আঁচনিৰ জৰিয়তে ৩.৮২ কোটি টকা প্রত্যক্ষভাৱে দুখীয়া পৰিয়ালে লাভ কৰিব। এই সাফল্য তথা আঁচনিসমূহ একমাত্ৰ অসমৰেই পৰিচয় নহয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিগত ১১টা বছৰত সমগ্ৰ উত্তৰ-পূবত শান্তি আৰু বিকাশ, কলা-সংস্কৃতি, ভাষাৰ বিকাশৰ বাবে যি কাম কৰিলে, যি এক বিশ্বাসৰ বাতাৱৰণ সৃষ্টি কৰিলে, তাৰ বাবেই এনে উন্নয়ন সম্ভৱ হৈছে। আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ সুৰক্ষিত। পঞ্চায়ত প্রতিনিধিক উদ্দেশ্যি পুনৰ অমিত শ্বাহৰ মন্তব্য- পেহেলগামত আতংকবাদীয়ে কৰা আক্ৰমণৰ ঘটনাত আপোনালোক দুখী হৈছেনে নাই? পেহেলগামত আমাৰ পৰ্যটকক গুলীয়াই হত্যা কৰা হৈছিল। এই ঘটনাত আতংকবাদীৰ বিৰুদ্ধে ক্ষোভ নিগৰিত হৈছিলনে নাই? এনেধৰণৰ ঘটনা পূৰ্বে সংঘটিত কৰি দুষ্কৃতিকাৰীসকল পলাই গৈছিল। কিন্তু প্রধানমন্ত্রী মোদীয়ে অপাৰেচন সিন্দূৰৰ জৰিয়তে আতংকবাদীৰ ঘৰত সোমাই তেওঁলোকক মৃত্যুদণ্ড দিলে। অপাৰেচন সিন্দূৰত আতংকবাদীৰ শিবিৰ ধ্বংস হ’ল আৰু অপাৰেচন মহাদেৱত যিসকলে গুলী চলাইছিল সেই তিনিও আতংকবাদীক গুলীয়াই হত্যা কৰিলে ভাৰতীয় সেনাই। আজি ভাৰতবৰ্ষ আর্থিকভাৱে বহু আগবঢ়া। দেশৰ সকলো ৰাজ্যই আর্থিক দিশত যথেষ্ট টনকিয়াল হৈ ইয়াৰ আন্তঃগাঁথনি সলনি কৰিবলৈ সক্ষম হৈছে। দেশৰ আভ্যন্তৰীণ আৰু সীমাৰ সুৰক্ষাও এতিয়া মজবুত। যাৰ বাবে জনাদেশ প্রতিবাৰেই বিজেপি তথা এনডিএই লাভ কৰি আহিছে। কংগ্রেছক উদ্দেশ্যি অমিত শ্বাহৰ মন্তব্য- কংগ্রেছীসকলে কাণ খুলি শুনক- অহা বিধানসভা নিৰ্বাচনত তৃতীয়বাৰৰ বাবেই বিজেপিৰ নেতৃত্বত এনডিএ চৰকাৰ গঠন হ’ব। আজি উপস্থিত থকা ২০ হাজাৰ জনপ্রতিনিধিয়েই এই কথা স্পষ্ট কৰি দিছে যে কংগ্ৰেছৰ দিন উকলিল। এতিয়া অসমৰ নেতৃত্ব বেদখলকাৰীসকলক ৰক্ষণাবেক্ষণ দিয়াসকলৰ হাতত দিয়া নহ’ব। অসমৰ নেতৃত্ব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাততহে দিয়া হ’ব।