মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়াৰ পাছতে ডিব্ৰুগড়ত মূলসুঁতিৰ সংবাদ মাধ্যমৰ সাংবাদিকৰ গুৰুত্বপূর্ণ সভা

মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়াৰ পাছতে ডিব্ৰুগড়ত মূলসুঁতিৰ সংবাদ মাধ্যমৰ সাংবাদিকৰ গুৰুত্বপূর্ণ সভা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্জীয়ন বিহীন পৰ্টেলৰ সাংবাদিকতাৰ বিষয়ত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়াৰ পাছতে ডিব্ৰুগড়ত মূলসুঁতিৰ সংবাদ মাধ্যম বা(Mainstream media)ৰ সাংবাদিক সকলৰ এখন গুৰুত্বপূর্ণ সভা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু ডিব্ৰুগড় প্ৰেছ ক্লাবৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হয়। সভাত ডিব্ৰুগড় মূলসুঁতিৰ সংবাদ মাধ্যমৰ সাংবাদিক সকলে শেহতীয়া সময়চোৱাত পঞ্জীয়ন বিহীন পৰ্টেলৰ প্ৰতিনিধিৰ বাবে সংবাদ ক্ষেত্রত সন্মূখীন হোৱা বহু সমস্যাৰ কথা আলোচনা কৰা হয়।সাংবাদিকতাৰ উৰ্ধত গৈ নীতি বহিৰ্ভূত ভাৱে সাংবাদিকতাৰ তেগ মাৰ্কেৰে বহু কাম কৰা, সামাজিক দ্বায়বদ্ধতাৰে সংবাদ সংগ্রহত অপাৰগ,পৰিৱেশনৰ ক্ষেত্রত থকা ত্ৰুটি ইত্যাদি বিষয় সমূহ আলোচনা কৰে সভাই।নিউজ পৰ্টেলৰ নাম লৈ নিদিষ্ট মুখ্য কাৰ্যালয়,সম্পাদক ইত্যাদি নথকাকৈ বাতৰি সংগ্রহ কৰিবলৈ আহি প্ৰকৃত সাংবাদিকতাৰ মান লাঘৱ কৰা, বাহনত যধে-মধে প্ৰেছ (Press) লিখি নিজক সাংবাদিক বুলি পৰিচয় দি সুবিধা আদায় ইত্যাদি প্ৰসংগও সভাত আলোচনা কৰা হয় । সভাই এই সমূহ বিষয় নিৰাময় কৰাৰ সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে,লগতে পৰ্টেলৰ জড়িয়তে সাংবাদিকতাত ভৰি দিয়া নতুন প্ৰজন্মৰ সাংবাদিকক কি দৰে আকোঁৱালি সাংবাদিকতাৰ মৰ্যদা বজাই ৰখাৰ নীতিগত শিক্ষা প্ৰদান কৰিব পাৰি তাৰ বাবেও চিন্তা-চৰ্চা,পৰামৰ্শ গ্ৰহণৰো সিদ্ধান্ত লোৱা হয়। এই ক্ষেত্ৰত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাই কয় যে সংবাদ মাধ্যম এতিয়া জটিল সন্ধিক্ষণত আছে।বিভিন্ন প্ৰত্যাহ্বান সংবাদ মাধ্যমৰ ওপৰত আহিছে। বিভিন্ন ক্ষেত্ৰত চৰকাৰে মুখ বন্ধ কৰিব বিচাৰে। চৰকাৰক এনে আচৰণ নকৰিলৈ তেওঁ আহ্বান জনায়। পূৰ্বতে সাংবাদিকৰ কাৰণে একোটাকৈ লগ’ ইছু কৰিছিল যদিও বৰ্তমানে বন্ধ হৈ আছে, গতিকে জনসংযোগ বিভাগে পুনৰ লগ’ পদ্ধতি বাহাল ৰাখিব লাগে বুলিও বৰাই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। তেওঁ আৰু কয় যে ডিব্ৰুগড়ত প্ৰায় ষাঠি জন মান সাংবাদিক আছে ।ডিব্ৰুগড় সাহিত্য সভাৰ সভাকক্ষত অনুষ্ঠিত সভাত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি, উপদেষ্টা,বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি, সম্পাদক আৰু অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।