মুখা
ৰূপালী গগৈ চুতীয়া,ডিব্ৰুগড়
মুখা পিন্ধা মানুহৰ
আঁৰত বা আছে কি ?
মুখাবোৰ চিনি নাপাওঁ বাবেই
আঁতৰি থকা ভাল ।
দিনৰ ভদ্ৰতা বোৰতকৈ
ৰাতিৰ মুখাবোৰ ভয়ংকৰ
প্ৰকৃত চিনাকি আন্ধাৰত থাকে
প্ৰতিটো ৰাতিৰ গভীৰতা ।
অনেক মুখাৰ বিননি
হৃদয়ত তীব্ৰ বেগী বাহনৰ
শব্দত শুই পৰে
পুনৰ সাৰ পাই উঠে
স্বাৰ্থপৰতাৰ পোহৰত ।
