মুখা
বিজুলতা পায়েং, গোগামুখ
মুখত আছে বহু সঁচা কথা
মুখা পিন্ধি ক’লে লাগে মনত বেথা ।
পৰৰ বাবে যি সুখ আনে
এই মুখাক তেঁৱেই জানে ।
বিশ্বাসৰ মুখাত থাকে সততাৰ বাট
অতিপাত মৰমে বিন্ধি যায় চাট ।
জীৱনৰ পথবোৰ বৰ একাবেকা
মৰুভূমিৰ দৰে হয় মৰীচিকা ।
মৰমৰ বান্ধোনত থাকে মধুৰতা
মুখা পিন্ধি থাকিলেহে আহে জটিলতা।
