মুখা – দিপ্তী মনি গোস্বামী

Pc Pixabay
মুখা
দিপ্তী মনি গোস্বামী, লখিমপুৰ
মুখাৰ আঁৰত থকা এখন মুখা,
অদৃশ্য হৈ থাকে
বন্ধ তলাৰ ভিতৰত।
খুলিবলৈ এটি চাবিৰ প্ৰয়োজন,
সেই চাবি সোমাই থাকে
এজাক প্ৰলয়ৰ হাতত।
সেই প্ৰলয় হয়তো
এজাক ধুমুহা,
নতুবা অনাকাংক্ষিত এজাক বৰষুণ।
ধুমুহাৰ বেগত উৰি যায়
মুখাৰ কৃত্ৰিম চামনিবোৰ
নাইবা বৰষুণে ধুই পেলায় কৃত্ৰিম ৰঙবোৰ।
উদং অৱয়বত জিলিকি উঠে
মুখাৰ আঁৰত থকা
বিভৎস সেই মুখাবোৰ।