মুখাৰ তলৰ মুখ – মালা বৰুৱা

Pc Shutterstock

মুখাৰ তলৰ মুখ

 মালা বৰুৱা

মঞ্চত তোমাৰ দেহাৰ ভাষা
বিপ্লবী বাগ্মিতা
দুচকুৰ উজ্জ্বলতা,
অনুপ্ৰেৰণাৰ যেন ধল বাৰিষা!
আশে পাশে উৰি আছিল
সেউজীয়া পখিলা ।
আৰু আমি যে বহি আছিলো,দুচকুতলৈ
অপাৰ মুগ্ধতা।।
ইমান সহজে মুখা খুলি
মানৱতাৰ শিকলি চিঙি
নিষাদৰ জীঘাঙ্সু দৃষ্টি
আমি বোৰ আচম্বিতে স্তম্ভিত।
শৰপাতে বৰ কৌশলেৰে নিমাত কৰিলে
অকণমানি চৰাইজনীৰ কোমল মাত।
কেনেকৈ যে ক’ত লুকাই থৈছিলা
তোমাৰ চিকাৰী দুহাত,
সদায়ে বুজো,বুজিও নুবুজো
আচলতে কিমান মিছা তোমালোকৰ এই
ৰাজহুৱা কথাৰ আধা
শূন্যত উৰা ফটাঢোলৰ বেথা।