মুক্ত বৰলুইতৰ প্ৰথম বৰ্ষপুৰ্তি

মুক্ত বৰলুইতৰ প্ৰথম বৰ্ষপুৰ্তি

ৰঙিলী বাৰ্ত্তাসেৱা– মুক্ত বৰলুইত নামৰ ফেচবুক গ্ৰুপৰ প্ৰথম বৰ্ষপুৰ্তি সতীৰ্থ মহামিলন মহানগৰীৰ চানমাৰিস্থিত পণ্ডিত তীৰ্থনাথ শৰ্মা সভাগৃহত অনুষ্ঠিত হয়। উক্ত অনুস্থানত  মূখ্য অতিথি হিচাপে অসম আৰক্ষী উপ মহাপৰিদৰ্শক তথা বিশিষ্ট সাহিত্যিক আবু চুফিয়ান, বিশিষ্ট ঔপন্যাসিক জয়ন্ত মাধৱ বৰা, বিশিষ্ট অথিতি হিচাপে কবি, সমালোচক বিপুল শৰ্মা, নিদিষ্ট বক্তা হিচাপে কবি তথা লিখক, সমাজ সংগঠক মুকুট শৰ্মা উপস্থিত থাকে।বছৰেকীয়া মুখপত্ৰ  ‘বহ্নিমান’ উম্মোচন কৰে বিশিষ্ট গল্পকাৰ  ৰপাঞ্জলী বৰুৱা বৰদলৈয়ে। ‘বহ্নিমান’ৰ ৰীতা ডেকা তত্বৱধায়ক আৰু সম্পাদক আব্দুল হাই । পৰৱৰ্তী সময়ত সতীৰ্থ সকলৰ চা চিনাকি অনুষ্ঠান অনুষ্ঠিত হয়৷অনুষ্ঠানত প্ৰতিভাৱান ব্যক্তি সকলে গীত-মাত,নৃত্য পৰিৱেশন কৰি উপস্থিত আটাইকে আমোদ দিয়ে৷বটাঁ প্ৰদান কৰা হয় হাস্যৰসিক মোহন খ্যাত দিপজ্যোতি কেওঁট , অংশুমান ভূঞা আৰু হিৰণ্য ডেকাক আৰু সামাজিক দ্বায়বব্ধতা বটাঁ দিয়া হয় মৃন্ময় দাসক৷আনহাতে জোনাক বৰাই গ্ৰুপৰ শীৰ্ষক গীতটি উন্মোচন কৰে৷ সভাখন পৰিচালনা কৰে জোন বৰা আৰু পলৱিকা মহন্তই ।