মুক্ত বাণিজ্য চুক্তি সম্পাদন কৰিবলৈ ২৩ জুলাইত ব্রিটেইনলৈ প্ৰধানমন্ত্ৰী মোদী
ৰঙিলী বাৰ্ত্তাসেৱা- বাণিজ্য চুক্তি সম্পাদন কৰিবলৈ ব্রিটেইনলৈ যাত্রা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২৩ তাৰিখে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ পৰা উৰা মাৰিব। ভ্ৰমণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীয়ে ব্রিটেইনৰ সৈতে মুক্ত বাণিজ্য চুক্তি সম্পাদিত কৰিব। দেশৰ ৯৯ শতাংশ ৰপ্তানিৰ ব্যৱসায় নতুন সন্ধিৰ মাধ্যমেৰে প্ৰভাৱিত হ’ব। ব্রিটেইনৰে চুক্তি হ’লেই দ্বিপাক্ষিক বাণিজ্যত শুল্কৰ মাত্রা হ্রাস পাব। সুৰাৰ পৰা গাড়ীলৈ সকলোৰে ব্যৱসায়ক প্ৰভাৱিত কৰিব এইখন প্রস্তাবিত চুক্তিয়ে। বাণিজ্যিক সন্ধি সম্পাদিত কৰাৰ বাবে কেইবাবছৰো চেষ্টা অব্যাহত আছিল। এই চুক্তিখন দ্বিপাক্ষিক ব্যৱসায়ত দুয়ো দেশে সন্মুখীন হোৱা বাধা আঁতৰোৱাৰ উদ্দেশ্যে প্রণয়ন কৰা হৈছে। গতিকে প্ৰধানমন্ত্ৰী মোদীৰ এই ব্রিটেইন ভ্রমণে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক পৰিক্ৰমা সুচল কৰি তোলাৰ সম্ভাৱনা আছে। ২৪ তাৰিখে সেই চুক্তিত স্বাক্ষৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মালদ্বীপলৈ ৰাওনা হ’ব। দেশখনৰ ৬০ সংখ্যক ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্রহণ কৰিব। চীনপন্থী মহম্মদ মুইজ্জ মালদ্বীপৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছতে ভাৰতৰ সৈতে কূটনৈতিক জটিলতাৰ সূচনা হৈছিল।নতুন দিল্লীয়ে দেশখনত নিয়োজিত শান্তিৰক্ষা বাহিনীকো ওভতাই আনিছিল। এই ভ্ৰমণ সমাপ্ত কৰি প্ৰধানমন্ত্ৰী মোদী ২৬ তাৰিখে নতুন দিল্লীত উপস্থিত হ’ব।