মুক্ত পথৰ গীত
(অনুবাদ কবিতা
মূল : Song of the Open Road
ভাবানুবাদ: প্ৰণিতা বৰঠাকুৰ)
তোমাৰ সন্মুখত পৰি আছে
জাতিষ্কাৰ, মুকলি এখন ধুনীয়া ধৰণী
আহাচোন সখী,
মুগা বৰণীয়া দিকচৌ বাটেৰে, এটা মুক্ত মনেৰে
একেলগে বাট লওঁ
য’লৈ যাবলৈ তোমাৰ মন
য’লৈ যাবলৈ ব্যাকুল তোমাৰ প্ৰাণ
লৈ যাম তোমাক সখী, তুমি মাথোঁ কোৱা,
“হৃদয়ৰ সমস্ত ভালপোৱা
তোমাতে উজাৰি দিলোঁ
জীৱনৰ বাট বুলিবলৈ
হাততে হাত থ’লোঁ”
মই দিছোঁ নিজকে উজৰাই
তুমি বাৰু দিবানে
নিজলৈ একোকে নাৰাখি
জীৱন পথত প্ৰেমৰ ফুল চটিয়াই,
আহিবানে সখী
হাতত হাত ধৰি
আজীৱন খামুচি ধৰি
আগবাঢ়ি যাওঁ জীৱনৰ অচিনাকি বাটটি।
প্ৰণিতা বৰঠাকুৰ
বঙ্গালগাঁও