মুক্ত আকাশৰ বিহংগ মই
মুন শৰ্মা, লখিমপুৰ
কাহিলিপুৱাতে ওলাল আলহী,
অপূৰ্ব ৰূপেৰে এটি বিহংগ ।
অন্ন দানেৰে জনালোঁ নিমন্ত্ৰণ,
আহিবা আকৌ চোতাললৈ বুলি।
দিনৰ যায়, মাহ যায়,
এসময়ত সি হ’ল মোৰ বুকুৰ কুটুম।
বাঢ়ি গ’ল তাৰ প্ৰতি মোহৰ প্ৰকোপ,
প্ৰতি পল অনুপল কাষতে পোৱাৰ।
তাৰেই ফলত অনুৰোধ এদিন,
আহা তুমি ভিতৰলৈ, সৌ সজাতে থাকিবা তুমি।
অনুৰোধ প্ৰত্যাখান নকৰিলে সি,
মোৰ সাজতে থিতাপি ললে।
এদিন নিশা নামিল কোলাহল ;
সাৰ পালোঁ মই বহুত ৰাতি;
হঠাৎ দেখিলো অশান্ত পক্ষীটি ;
কিবা বিপদৰ অনুমান মোৰ।
সুধিলোঁ তাক মই কি হ’ল তোমাৰ?
খুলি দিয়া মোক সজাৰ পৰা ,
উৰিব বিচাৰো মুক্ত আকাশত,
আবদ্ধ সজাৰ আলহী নহওঁ।
কথা শুনি মই খন্তেক ভাবুক,
সিদ্ধান্ত ললোঁ দুৱাৰ খোলাৰ,
পুৱাতে খুলিলোঁ সজাৰে দুৱাৰ ,
মুহূৰ্ততে উৰি গৈ ৰ’ল সি ঘৰৰে মুধত।
নিজস্ব ভঙ্গীৰে মোক বুজালে,
মুক্ত আকাশ মোৰ ঠিকনা
যাওঁ গৈ মই বিদায় বন্ধু
কেতিয়াবা আহিম আকৌ কাষলৈ,
নকৰিবা দুখ মোৰ প্ৰেমিক সখী।
কিছু পৰ ৰৈ মেলি দিলে পাখি,
গ’ল বহু দূৰ দিগন্ত আঁতৰি গুচি ,
নীলিম আকাশৰ তলেৰে ডেউকা মেলি।
