মুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’
ৰঙিলী বাৰ্ত্তাসেৱা- দীর্ঘ প্রতীক্ষাৰ  অন্তত আজি অৰ্থাৎ ৩১ অক্টোবৰ, ২০২৫ ত শুভমুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’।ইতিহাস সৃষ্টি কৰি পুৱতি নিশা ৪.২৫বজাতে অসমৰ ছবিগৃহত মুক্তি পালে জুবিন গাৰ্গৰ বহু হেপাঁহৰ ছবি ৰৈ ৰৈ বিনালে।  গুৱাহাটী বেলতলাৰ মেট্রিক্স ছবিগৃহত পুৱা ৪ বজাৰ ২৫ মিনিটত আৰম্ভ হয় প্রথম দর্শনী, যি জুবিন অনুৰাগীৰ বাবে এক অনুভৱনীয় মুহূর্ত। কায়িক ভাৱে নাথাকিলেও জুবিন গাৰ্গৰ বাবে অসমৰ প্ৰায়কেইটা ছবিগৃহত এখনকৈ আসন সংৰক্ষিত হ’ল তেওঁৰ বাবে। গুৱাহাটীৰ মেট্ৰিক্স চিনেমা হ’লত জুবিন গাৰ্গৰ বাবে আছুতীয়াকৈ এখন চোফাৰৰ ব্যৱস্থা কৰা হ’ল।  সুন্দৰকৈ এখন গামোচাও পাৰি দিয়া হৈছে চোফাৰ খনত। তাৰ ওপৰত ৰখা হৈছে জুবিন গাৰ্গৰ এখন ফটো। আজিৰে পৰা ৰাজ্যৰ সকলো ছবিগৃহত কেৱল ‘ৰৈ ৰৈ বিনালে’ চলিব।মুক্তিৰ প্ৰথম দিনটোতেই গুৱাহাটী মহানগৰত এই বহুল প্রত্যাশিত ছবিখনৰ প্ৰায় ১৮০টা দর্শনী অনুষ্ঠিত হ’ব।  উল্লেখ্য যে, ৰাজ্যৰ ৯৪টা ছবিগৃহত আজিৰে পৰা প্রতিদিনেই ৪৫৬টা দর্শনী অনুষ্ঠিত হ’ব চিনেমাখনৰ। গুৱাহাটীৰ ১৩টা ছবিগৃহত প্রতিদিনেই ১৫৭টাকৈ, বিজয় নগৰত ৬টা, ৰঙিয়াত প্রতিদিনে ৪টা, মঙলদৈত প্রতিদিনে ৫টা, ছয়গাঁৱত প্রতিদিনে ৫টাকৈ দর্শনী অনুষ্ঠিত হব। নলবাৰীত প্রতিদিনে ৫টা, বঙাইগাঁৱৰ দুটা ছবিগৃহত প্রতিদিনে ৩০টা, ডিব্ৰুগড়ত প্রতিদিনে ১২টা, তিনিচুকীয়াত প্রতিদিনে ১৬টা, যোৰহাটৰ দুটা ছবিঘৰত প্ৰতিদিনে ২১টা, গোলাঘাটত ৪টা আৰু নগাঁৱত প্রতিদিনে ৯টা দর্শনী অনুষ্ঠিত হ’ব। তেজপুৰৰ ৪টা ছবিগৃহত প্রতিদিনে ৪২টা, লখিমপুৰত ৪টা ছবিঘৰত দিনে ২০টা, ডিফুত প্রতিদিনে ৪টা, হাফলঙত প্রতিদিনে ৪টা, শিলচৰত ৪টা, মাৰ্ঘেৰিটাত ৪টাকৈ দর্শনী প্রতিদিনে প্রদর্শিত হ’ব।
অৰুণাচলৰ ইটানগৰৰ ৩টা ছবিগৃহত প্ৰতিদিনে ৯টা, নাহৰলগুণত দিনে ৩টা, মুম্বাইৰ ১০টা ছবিগৃহত প্রতিদিনে ১২টা, দিল্লী এন চি আৰৰ ১০টা ছবিগৃহত প্রতিদিনে ২৬টা দর্শনী প্রদর্শিত হ’ব। লগতে বেংগালুৰুৰ ১০টা ছবিগৃহত প্রতিদিনে ২৩টা, হায়দৰাবাদত দিনে ২টা, আহমেদাবাদত ১টা, পুণেত দিনে ৭টা, চেন্নাইত দিনে ২টা, কলকাতাত দিনে ১২টা আৰু কোচিত প্রতিদিনে ১টাকৈ দর্শনী প্রদর্শিত হ’ব।

