মুক্তিযোদ্ধা, শিক্ষক, সত্ৰাধিকাৰ কমলচন্দ্ৰ মহন্ত জীৱনজোৰা সাধনা বঁটা – ২০২৩
ৰঙিলী বাৰ্ত্তাসেৱা- শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ মহাপুৰুষ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত নৰ্থ-ইষ্ট আশীৰ্বাদ ফাউণ্ডছনৰ প্ৰতিষ্ঠা দিৱসৰ এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত ৮ম বাৰ্ষিক মুক্তিযোদ্ধা, শিক্ষক, সত্ৰাধিকাৰ কমলচন্দ্ৰ মহন্ত জীৱনজোৰা সাধনা বঁটা – ২০২৩ প্ৰদান কৰা হয়।ভিটালী দাস আৰু কবিতা চেতিয়ালৈ এই বৰ্ষৰ মুক্তিযোদ্ধা, শিক্ষক, সত্ৰাধিকাৰ কমলচন্দ্ৰ মহন্ত জীৱনজোৰা সাধনা বঁটা – ২০২৩ আগবঢ়োৱা হয়। এই বঁটাত আছে নগদ ২৫,০০০.০০ টকা, অঙ্গবস্ত্ৰ, শৰাই, জাপি আৰু সম্বৰ্দ্ধনা পত্ৰ।শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ মহাপুৰুষ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে সংগীত শিল্পী মণিষা হাজৰিকা, শান্তা উজীৰ, সন্ধ্যা মেনন, মালবিকা বৰুৱা, বিমান বৰুৱা, ৰাজীৱ প্ৰকাশ বৰুৱা, দেৱেন বসুমতাৰী,ডা° অঞ্জনজ্যোতি চৌধুৰীৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে।অনুষ্ঠানটিত গীত পৰিৱেশন কৰে ড° সঙ্গীতা কাকতি, তৃষ্ণা দেৱী, চামিমা খাতুন, পাৰ্থ শৰ্মা, ভিতালী দাসৰ কন্যা কমলিকা, কবিতা চেতিয়াৰ কন্যা কুঁহিৰ লগতে জীনা ৰাজকুমাৰীয়ে। জীনা ৰাজকুমাৰীৰ বৰলুইত লোকনৃত্য বিদ্যালয়ৰ ছাত্ৰী সকলে ক্ৰমে বাগুৰুম্বা, দেউৰীবিচু, নেপালী নৃত্য পৰিৱেশন কৰে আৰু বৰলুইতৰ সহশিক্ষয়িত্ৰী নিভামনি বৰুৱাৰ পৰিচালনাত বিহুনাচ পৰিৱেশন কৰা হয়৷মুক্তিযোদ্ধা কমলচন্দ্ৰ মহন্তৰ বৰ বোৱাৰী ড০ চয়নিকা মহন্ত, পুত্ৰ কৰুণা মহন্ত, কানাই মহন্ত, মণিমাধৱ মহন্ত, বোব়াৰী পৰী মহন্ত, পিংকি মহন্ত, অৰিহণা মহন্ত সহ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে।
