মুকুট বিহীন সম্ৰাট
এছ ইছলাম, শিক্ষক
পশ্চিম মইনবৰী, বৰপেটা
এক আছিল মুকুট বিহীন সম্ৰাট
সুৰৰ ৰাজ সিংহাসনত
কৰিছিল কণ্ঠদান বিভিন্ন ভাষাত
অমৃত কণ্ঠশিল্পী সুৰ সম্ৰাট।
আছিল তেওঁৰ অজস্ৰ সহচৰ
আছিল সুৰ সম্ভাৰ
গাইছিল চল্লিশ সহস্ৰ গীত
সুৰ জগতত।
বহুতে তেওঁৰ অকাল মৃত্যুত
দিছিল প্ৰাণ বিসৰ্জন
বিশ্বৰ এশ চৈধ্যখন দেশ
শোকত ম্ৰিয়মান
যেন শ্ৰীকৃষ্ণৰ বৃন্দাবন।
আছিল এটা গুগলৰ বচন
তেৱেঁই হামিংকিং
যাৰ সুৰত বিশ্ববাসী মতলীয়া
তুমি চিৰযুগমীয়া।
প্ৰতিজন মানুহৰ হৃদয়ত স্থান
গাইছিলা হৃদয় জিনাৰ গান
ছিংগাপুৰত দেখিবলৈ পাওঁ স্মৃতিচিহ্ন
‘জুবিন আইলেণ্ড’।
অসমৰ গৌৰৱ হাৰ্টথ্ৰব জুবিন
এক পিতৃৰ এক সন্তান
তোমাৰ আত্মজীৱনী পিতৃৰ দান
হৃদয় বিদাৰক ঘটনাৰ খতিয়ান।
