মুকলি কৰি দিলে বন্ধ হৈ থকা ৯,৩৫,৬৮২ গৰাকী লোকৰ আধাৰ কাৰ্ড

 মুকলি কৰি দিলে বন্ধ হৈ থকা ৯,৩৫,৬৮২ গৰাকী লোকৰ আধাৰ কাৰ্ড

ৰঙিলী বাৰ্ত্তাসেৱা- আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ থকা লোকসকলৰ বাবে ভাল খবৰ।আধাৰ কাৰ্ড বন্ধ হৈ থকা ৰাজ্যৰ ৯,৩৫,৬৮২ গৰাকী লোকৰ আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিছে ভাৰত চৰকাৰে । ১৫ দিনৰ ভিতৰতে লাভ কৰিব আধাৰ। NRC বায়’মেট্ৰিক দিয়াৰ সময়ৰ পৰা বন্ধ হৈ আছিল এইসকল লোকৰ আধাৰ কাৰ্ড। আধাৰ কাৰ্ড বন্ধ হৈ থকা বাবে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছিল এইসকল লোক। দিছপুৰৰ লোক সেৱা ভৱনত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রীয়ে এই কথা সদৰী কৰে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “২০১৯ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০১৯ চনৰ আগষ্ট মাহৰ ভিতৰত এন আৰ চি তথা আধাৰ কেন্দ্ৰসমূহত আধাৰ কাৰ্ডৰ বায়’মেট্ৰিক সংগ্ৰহ কৰা লোকসকলৰ আধাৰ কাৰ্ড ব্লক কৰি ৰখা হৈছিল । আধাৰ কাৰ্ড নোহোৱা বাবে এই লোকসকল ৰেচন কাৰ্ডকে ধৰি বিভিন্ন আঁচনি তথা সুবিধাৰ পৰা বঞ্চিত হৈ আছিল । ইয়াৰে বহু লোকৰ এন আৰ চিৰ লগত কোনো সম্পৰ্ক নাছিল । এই বিষয়টো অধ্যয়ন কৰাৰ বাবে কেবিনেট উপ-সমিতি গঠন কৰা হৈছিল । কেবিনেট উপ-সমিতিয়ে আছুকে ধৰি বিভিন্ন পক্ষৰ লগত আলোচনা কৰিছিল ।”মুখ্যমন্ত্রীয়ে লগতে কয়, “ভাৰত চৰকাৰে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ ফলত ৯,৩৫,৬৮২ গৰাকী লোকে আধাৰ কাৰ্ড লাভৰ পথ প্ৰশস্ত হ’ল । ১৫ দিন নাইবা এমাহৰ ভিতৰত সংশ্লিষ্ট আধাৰ কেন্দ্ৰসমূহৰ পৰা এই লোকসকলে নিজৰ আধাৰ কাৰ্ড সংগ্ৰহ কৰিব পাৰিব । ২০১৯ চনৰ ফেব্ৰুৱাৰীৰ পৰা আগষ্টৰ ভিতৰত সেইকেইটা মাহত যিসকল লোকে আধাৰ কাৰ্ডৰ বাবে গৈছিল, তেওঁলোকৰে বন্ধ হৈ আছিল । ইয়াত জাতি-ধৰ্ম-বৰ্ণৰ কথা নাছিল ।”বন্ধ হৈ থকা আধাৰ কাৰ্ডৰ সংখ্যা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “ডিব্ৰুগড়ত ১৫ হাজাৰ, গোলাঘাটত ৮ হাজাৰ, শিৱসাগৰত ১০ হাজাৰকে ধৰি বিভিন্ন ঠাইত ৯,৩৫,৬৮২ গৰাকী লোকৰ আধাৰ কাৰ্ড বন্ধ কৰি ৰখা হৈছিল । ইয়াত কোনো সম্প্ৰদায়ৰ কথা নাছিল । এই লোকসকলৰ এন আৰ চিৰ খচৰা আৰু চূড়ান্ত তালিকাত নাম আছিল । কেৱল সেই পাঁচ মাহত বায়’মেট্ৰিক দিয়া লোকসকলৰ আধাৰ কাৰ্ড ব্লক কৰি ৰখা হৈছিল । এন আৰ চিত নাম নথকাৰ বিষয়টো নিজৰ ঠাইতে আছে । এইখিনি লোকৰ এন আৰ চিৰ লগত সম্পৰ্ক নাই । ১৯ লাখ লোকৰ বন্ধ হৈ থাকিলে কথাটো অন্য হ’লহেঁতেন । এন আৰ চিৰ লগত সম্পৰ্ক থাকিলে ১৯ লাখৰ বন্ধ হৈ থাকিলহেঁতেন ।”