মুকলি আকাশৰ তললৈ চুমি বৰা

মুকলি আকাশৰ তললৈ চুমি বৰা

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত মুকলি আকাশৰ তললৈ কোটিটকীয়া বিয়াগোম ট্রেডিং কেলেংকাৰিৰ অন্যতম মূল অভিযুক্ত চুমি বৰা। সুদীৰ্ঘ ৮ মাহ সময় ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত দিন কটোৱাৰ পিছত বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিছত বৃহস্পতিবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰা বাহিৰলৈ ওলাই চুমি বৰা ৷ জামিন লাভ কৰাৰ খবৰ চৌদিশে বিয়পি পৰাৰ লগে লগে বিয়লিৰে পৰা চুমিৰ আত্মীয়, শুভাকাংক্ষী তথা বহু লোকৰ লগতে সাংবাদিকো ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত ভিৰ কৰা পৰিলক্ষিত হয়। প্রায় ৭ বজাত চুমি এগৰাকী আত্মীয়সহ ক’লা ৰঙৰ টি ছাৰ্ট আৰু ক’লা পেন্টসহ ক’লা টুপী, মুখত ক’লা মাস্ক লগাই কাৰাগাৰৰ বাহিৰলৈ ওলাই আহে। সাংবাদিকৰ কোনো প্রশ্নৰ মুখামুখি নহৈ বিয়লিৰে পৰা অপেক্ষাত থকা এখন ক’লা ৰঙৰ স্ক’ৰপিঅ’ গাড়ীত উঠি চুমি তিনিচুকীয়াৰ দিশে ধাৱমান হয়।  ট্রেডিং কেলেংকাৰিৰ অন্যতম মূল অভিযুক্ত চুমিয়ে বৰবৰুৱা থানাত ৰুজু হৈ থকা ৮৫/২০২৪ নম্বৰ গোচৰটোত গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে। ইতিপূর্বে বিশাল ফুকন, তার্কিক বৰা আৰু চুমিয়ে ডিব্ৰুগড় সদৰ থানাৰ ৩৫২/২০২৪ আৰু ১৯৮/২০২৪ নম্বৰৰ গোচৰ দুটাত জামিন লাভ কৰিছিল। ইফালে এই তিনিটা গোচৰত জামিন লাভ কৰি যোৱা ৩ মে’ত মুকলি আকাশৰ তললৈ ওলাই আহিছিল চুমিৰ পাতি লোৱা ভায়েক বিশাল ফুকন। উল্লেখ্য যে চুমিয়ে স্বামী তার্কিক বৰাৰ সৈতে অতি নাটকীয়ভাৱে যোৱা ১২ ছেপ্টেম্বৰত আৰক্ষীক ধৰা দিছিল। সেইদিনাই দুয়োকে আদালতত হাজিৰ কৰোৱাৰ পাছত আৰক্ষীয়ে দীঘলীয়া সময়ৰ বাবে নিজৰ জিম্মাত লৈ তদন্ত কৰাৰ পাছত ২৬ ছেপ্টেম্বৰত কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। মন কৰিবলগীয়া যে ২০২৪ চনৰ ২ ছেপ্টেম্বৰৰ নিশা গান্ধী নগৰস্থিত এপার্টমেণ্টৰ ৫০৩ নম্বৰ কোঠাত অভিযান চলাই ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰি বিশাল ফুকনক পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰাৰ পাছত বিভিন্ন বিষয় পোহৰলৈ আহিছিল। এই সময়ছোৱাত আৰক্ষীয়ে এপার্টমেন্টটোৰ পৰা আৰবীয় মুদ্রা, কেইবাটাও বেংকৰ একাউন্ট, ৬টাকৈ আইফোনসহ বহু নথি-পত্ৰৰ লগতে সোণ-ৰূপ, হীৰা আদি উদ্ধাৰ কৰিছিল। এই বিয়াগোম কেলেংকাৰিত জড়িত থকাৰ অভিযোগত পৰৱৰ্তী সময়ত বিশাল ফুকনক পাতি লোৱা বায়েক চুমিৰ লগতে স্বামী তার্কিক বৰাসহ বহুকেইজনক গ্ৰেপ্তাৰ কৰিছিল।