মুকলি আকাশৰ তললৈ আহিব বিশাল-তাৰ্কিক

মুকলি আকাশৰ তললৈ আহিব বিশাল-তাৰ্কিক

ৰঙিলী বাৰ্ত্তাসেৱা- কেইবাহাজাৰ কোটিটকীয়া বিয়াগোম ট্রেডিং কেলেংকাৰিৰ অন্যতম দুই মূল অভিযুক্ত বিশাল ফুকন আৰু তার্কিক বৰাৰ  অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ’ল । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন এজনীয়া বিচাৰপীঠে বিশাল আৰু তার্কিকৰ জামিন মঞ্জুৰ কৰে। উচ্চ ন্যায়ালয়ে বৰবৰুৱা থানাত ৰুজু হৈ থকা ৮৫/২০২৪ নম্বৰৰ গোচৰত দুই অভিযুক্তৰ জামিনমঞ্জুৰ কৰে। তেওঁলোকৰ বিৰুদ্ধে ৰুজু হৈ থকা এইটো আছিল অন্তিমটো গোচৰ। ইয়াৰ পূৰ্বে তেওঁলোকে ডিব্ৰুগড় আৰু দুলীয়াজান থানাৰ গোচৰত জামিন লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু বৰবৰুৱা থানাৰ গোচৰত জামিন লাভ নকৰাৰ বাবে বিশাল আৰু তার্কিক কাৰাগাৰত বন্দী হৈ আছিল। দুয়োজনে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা জামিন আবেদনৰ শুনানি যোৱা ২৯ এপ্রিলতে সম্পন্ন হৈছিল। অৱশ্যে সেইদিনা উচ্চ ন্যায়ালয়ে জামিন আবেদনৰ ৰায়দান সংৰক্ষিত ৰাখে। বৃহস্পতিবাৰে আদালতে এই আবেদনৰ ৰায়দান কৰি তার্কিক আৰু বিশালৰ জামিন মঞ্জুৰ কৰে। ইয়াৰ লগে লগে ট্রেডিং কেলেংকাৰিৰ দুই অভিযুক্তৰ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পথ প্রশস্ত হৈ পৰে।  অৱশ্যে একেই কেলেংকাৰিত অভিযুক্ত হৈ কাৰাগাৰত থকা তার্কিকৰ পত্নী তথা নৃত্য পটীয়সী চুমি বৰাই এতিয়াও উচ্চ ন্যায়ালয়ত কোনো সকাহ লাভ কৰা নাই। কিছুদিন পূর্বে তেওঁ এই গোচৰটোত জামিন আবেদন দাখিল কৰিছিল যদিও আদালতে তেওঁৰ আবেদন নাকচ কৰে। অৱশ্যে এতিয়ালৈ চুমিয়ে পুনৰ জামিন আবেদন দাখিল কৰা নাই বুলি জানিব পৰা গৈছে।