মুঁই “ আবো“য়ে কৈছোং(দেশী ভাষাৰ কবিতা) – নাছিৰ আহমেদ

Pc Freewebstock
(৩০ অক্টোবৰত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা স্বহীদ সকলৰ প্ৰতি অশ্ৰু অঞ্জলি)

মুঁই “ আবো“য়ে কৈছোং(দেশী ভাষাৰ কবিতা)

দেশী ৰাজবংশী আইতাৰ বিননি        

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা 
মোৰ বাপ ধন গুলা
এইবাৰ দেৱালীত
তোমৰা ফটকা না ফুটেন,
কোনো দিনেই তোমৰা ফটকা না ফুটেন ।
ফটকাৰ শব্দ শুনলেই
ৰক্তমাখা ঐ দিন টাৰ কথা
মোৰ মনত পৰি
বুকটা ফাটি যায়  ৰে- – –
বাৰীৰ আগিলাত
আদৰেৰ নাতি মোৰ আছিল বসি,
মুখত নিয়ে মধু-ভৰা হাঁসি,
খেলে আছিল মোৰ সোণাৰ  চান
গুণ গুণ কৰি গায়া দেশী গান ;
হঠাতে ফটকাৰ ভুট্টুশ ভুট্টুশ আৰ
বোমাৰ গুৰুম গুৰুম গুৰুম শব্দত
কাঁপি উঠিল দেশেৰ মাটি,
বাৰুদেৰ পোৰা গোন্ধ আৰ ধুমাত
আকাশত আন্ধাৰ নামিল,
বাতাসে বাতাসে ভাঁসি আসিল
অসহায় মানুশেৰ মৰণ-কাতৰ চিল্লা-চিল্লি!
আৰ কেমনে বা
মোৰ নাতিৰ কোমলা গাত
আসি লাগিল বোমাৰ আঘাত
অভিশপ্ত এই ৩০ অক্টোবৰত।
সাথে সাথে মাটিত ঢলি পৰিল
মোৰ আদৰেৰ নাতি, মোৰ সোণাৰ চান  !
ছেড়া-বেড়া হওৱা ওঁৰ শৰীল টা
আৰ জোৰা লাগাবেৰ নাপালুং ।
ঝৰ ঝৰ কৰি পৰা তাজা ৰক্তেৰ
নাতিৰ গাৰ কাপোৰ টা
বুকত খামচে ধৰি
মৰি মৰি মুঁই বাঁচি আছং!
মোৰ বাপ ধন গুলা
এই বাৰ দেৱালীত
তোমৰা ফটকা না ফুটেন,
কোনো দিনেই তোমৰা ফটকা ফুটেন।
তোমৰা শাইৰে শাইৰে চাতি জ্বলায়া
মোৰ বাছাক মনত ফেলাও
তোমৰায় হও মোৰ প্ৰাণেৰ প্ৰাণ
তোমৰায় হও মোৰ সোণাৰ চান
নালাগে মোক সৰকাৰেৰ লাখ টাকা দান।
তোমৰা মোক  কথা দেও
এই বাৰ দেৱালীত
আৰ  ফটকা না ফুটেন
কোনো দিনেই  আৰ না ফুটেন
সন্ত্ৰাসবাদীৰ হাতেৰ অস্ত্ৰ
ফটকা আৰ বোমা না ফুটেন!  নাফুটেন!!