মীন উন্নয়ন নিগমৰ ধন আত্মসাৎ কৰা বিষয়াৰ বিৰুদ্ধে সৰব অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ

মীন উন্নয়ন নিগমৰ ধন আত্মসাৎ কৰা বিষয়াৰ বিৰুদ্ধে সৰব অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ

ৰঙিলী বাৰ্ত্তাসেৱা-  যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে তেনে সময়তে কামৰূপ মহানগৰৰ চচলস্থিত অসম মীন উন্নয়ন নিগম পৰিসীমিতত কোটি কোটি টকাৰ দুৰ্নীতি কেলেংকাৰি সংঘটিত হৈছে৷-এই অভিযোগ কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে৷ সংগঠনটোৱে দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত অভিযোগ কৰি মুখ্য উপদেষ্টা ৰুবুল দাসে কয়-অসম মীন উন্নয়ন নিগম পৰিসীমিতত মুখ্য কাৰ্যালয়ৰ সহকাৰী কাৰ্যালয় অধীক্ষক চফিকুৰ ৰহমানে যোৱা ২০১৫-১৬,২০১৬-১৭ বিত্তীয় বৰ্ষত মুঠ ৯৪,৪৫,৩৭৫ টকাৰ ২২ খন মীন মহলৰ ৰাজহৰ পৰা প্ৰত্যক্ষভাৱে আত্মসাৎ কৰাৰ কাৰণে তেওঁক অভিযুক্ত কৰি ২০২১ চনৰ ২০ ছেপ্টেম্বৰত সঞ্চালক মন্দলীৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও আজি পৰ্যন্ত বিষয়াজনৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল৷নিগমৰ মীন মহল উন্নয়ন আঁচনিৰ অধীনত ২০২০-২১,২০২১-২২ বিত্তীয় বৰ্ষত চলি থকা কামৰ বিপৰীতে অভিযন্তা জে পি শইকীয়া(এইই),বিৰিঞ্চি অধিকাৰী(এইই),ডি এছ পামে(এপিডি),ছাবুৰুদ্দিন আহমেদ(এই),আশ্ৰাফুল আলম(এই),সাগৰ তালুকদাৰ(আৰপিই),গণেশ কুমাৰ দাস(আৰপিই),নেপাল ৰয়(এই),জিন্নাউৰ ৰহমান(আৰপিই)সহ মুঠ ৯জন অভিযন্তাই সৰ্বমুঠ ৫,২৯,৮৫,৩৪২ টকা ব্যক্তিগত একাউন্টত আগধনৰূপে আদায় কৰি আজি পৰ্যন্ত ধন পৰিশোধৰ উপযুক্ত নথি পত্ৰ,ভাউচাৰসহ হিচাপ আদি দাখিল নকৰিলে৷যি কাৰ্য বিত্তীয় নিয়ম বৰ্হিভূত আৰু চৰকাৰী বিধি ব্যৱস্থাৰ পৰিপন্থী৷তাৰোপৰি,নিগমৰ কাৰ্যবাহী অভিযন্তা আৰু বিত্তীয় বিষয়াই এই ধন ব্যক্তিগত একাউন্টত জমা কৰাৰ ক্ষেত্ৰত মূল ভূমিকা গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷এনে ধৰণৰ নিয়ম বৰ্হিভূত আৰু বিত্তীয় অনিয়মত জড়িত বিষয়াকেইজনৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷নিগমৰ কম্পিউটাৰ সহায়কৰূপে কৰ্মৰত ভাগ্যশ্ৰী হাজৰিকাই উপযুক্ত শিক্ষাগত আৰু প্ৰয়োজনীয় কাৰিকৰী কম্পিউটাৰ শিক্ষাৰ প্ৰমাণপত্ৰ অবিহনেই উক্ত পদত নিয়োজিত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে৷তেওঁ নিযুক্তিৰ সময়ত কৰ্তৃপক্ষক দাখিল কৰা নথিপত্ৰ সমূহ ভুৱা বুলি গম পোৱা গৈছে৷উক্ত কৰ্মচাৰীজনক তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰাৰ লগতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালোঁ৷অন্যথা ১০ জানুৱাৰীত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি সংগঠনটোৱে সংবাদ মেলত সদৰী কৰে৷সংবাদ মেলত সভাপতি কমলাকান্ত দাস,সাধাৰণ সম্পাদক জনাৰ্দ্দন দাস,সহকাৰী সম্পাদক জিতু কাকতি উপস্থিত থাকে৷