মিৰ্জা ৰাসক্ৰীড়া উৎসৱৰ কাৰ্যালয় উদ্বোধনৰ লগতে উপহাৰ কুপন খেল টিকট মুকলি
দক্ষিণ কামৰূপ , ৰঙিলী বাৰ্ত্তাসেৱা- মিৰ্জা আঞ্চলিক ৰাস ক্ৰীড়া উৎসৱৰ এইবেলি ২০২৪ বৰ্ষৰ অস্থায়ী কাৰ্যালয়টি কালি সন্ধিয়া আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে ভালেকেইটা আকৰ্ষণীয় পুৰস্কাৰ আগবঢ়াই অনুষ্ঠিত কৰিবলৈ লোৱা উপহাৰ কুপন খেলৰ টিকট উন্মোচন কৰা হয়। এগৰাকী জ্যেষ্ঠ চিকিৎসক, সমাজসেৱী ডাঃ অপূৰ্ব তালুকদাৰে ৰাসৰ যাৱতীয় কাম কাজ চলাই নিয়াৰ উপলক্ষে এই অস্থায়ী কাৰ্যালয়টি উদ্বোধন কৰে। শৈশৱৰ পৰাই ৰাস উৎসৱৰ প্ৰতি থকা তেওঁৰ থকা আকৰ্ষণৰ বিষয়ে উল্লেখ কৰাৰ লগতে উৎসৱ আদিৰ প্ৰয়োজনীয়তাৰ বিষয়ে বক্তব্য ৰাখি মিৰ্জা আঞ্চলিক ৰাস ক্ৰীড়া উৎসৱৰ সফল ৰূপায়ণ হোৱাৰ কামনা কৰে। এই অস্থায়ী কাৰ্যালয় উদ্বোধনৰ পিছতে আন এগৰাকী চিকিৎসক বামুণী গাওঁ মডেল হাস্পতালৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডা: মনোমতী দাসে উপহাৰ কুপনৰ টিকট মুকলি কৰি সকলোকে অকুণ্ঠ চিত্তে আগবাঢ়ি আহি উপহাৰ কুপন খেল খন সাফল্য মণ্ডিত কৰি তোলাৰ বাবে আহ্বান জনায়। যথেষ্ট সংখ্যক বিষয়ববীয়া, সদস্যৰ উপস্থিতিত কাৰ্যকৰী সভাপতি ৰাহুল দাসৰ সভাপতিত্বত এই উদ্বোধনী সভাখন অনুষ্ঠিত কৰা হয়। উল্লেখ যে উক্ত অনুষ্ঠানৰ আৰম্ভণিৰ আগতে এইবেলিৰ মিৰ্জা আঞ্চলিক ৰাস ক্ৰীড়া উৎসৱ সমিতিৰ সভাপতি বিধায়ক হেমাংগ ঠাকুৰীয়া উপস্থিতিত হৈ ৰাস বিষয়ে সবিশেষ বুজ লয় আৰু প্ৰয়োজনীয় দিহা পৰামৰ্শ আগবঢ়ায়।