মিৰ্জা কোকঝাৰ অংগনবাড়ী কেন্দ্ৰৰ বিশ্ব পৰিৱেশ দিৱস পালন

মিৰ্জা কোকঝাৰ অংগনবাড়ী কেন্দ্ৰৰ বিশ্ব পৰিৱেশ দিৱস পালন

ৰঙিলী বাৰ্ত্তাসেৱা-  মিৰ্জা কোকঝাৰ অংগনবাড়ী কেন্দ্ৰৰ বিশ্ব পৰিৱেশ দিৱস পালন।ইয়াৰ লগত সংগতি ৰাখি অনুপমা অঞ্জলি মাহেকীয়া আলোচনীৰ উদ্যোগত,কোকঝাৰ অংগনবাড়ী কেন্দ্ৰৰ আতিথ্যত ,ইনফোটেইণ্টমেণ্ট ২৪ ৰ সহযোগত ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ দুজন ছাত্ৰক ইউনিফৰ্মৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হ’ল মিৰ্জাত আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মিৰ্জা নৱাৰুণ পাব্লিক বিদ্যালয়ৰ অধ্যক্ষ বিপুল মহন্ত,অনুপমা অঞ্জলি মাহেকীয়া আলোচনীৰ মুখ্য সম্পাদক ড° শেৱালি দাস কলিতা,ইনফোটেইণ্টমেন্ট ২৪ পোৰ্টেলৰ স্বত্বাধিকাৰ মিতু দাস,অনুপমাৰ সহঃ সম্পাদক তথা অংগনবাড়ী কৰ্মী ও আন্তঃৰাষ্ট্ৰীয় মহিলা ৰেফাৰী ৰূপা দাস ঠাকুৰীয়াৰ লগতে অংগনবাড়ী কৰ্মী , কণ কণ ল’ৰা ছোৱালী আৰু আন বহু ব্যক্তি।হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ দুজনক সাহায্য প্ৰদান কৰে অনুপমা অঞ্জলি মাহেকীয়া আলোচনীৰ মুখ্য সম্পাদক ড° শেৱালি দাস কলিতাই,ছাত্ৰ দুজনক সম্বৰ্ধনা জনাই ক্ৰমে নৱাৰুণ পাব্লিক বিদ্যালয়ৰ অধ্যক্ষ বিপুল মহন্ত আৰু আন্তঃৰাষ্ট্ৰীয় মহিলা ৰেফাৰী ৰূপা দাস ঠাকুৰীয়াই।অনুষ্ঠানত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কৰা হয়।গছপুলি ৰোপণ কৰে ক্ৰমে নৱাৰুণ পাব্লিক বিদ্যালয়ৰ অধ্যক্ষ বিপুল মহন্ত,অনুপমাৰ মুখ্য সম্পাদক ড° শেৱালি দাস কলিতা ,আন্তঃ ৰাষ্ট্ৰীয় মহিলা ৰেফাৰী ৰূপা দাস ঠাকুৰীয়াৰ লগতে এই অঞ্চলৰ আন মহিলাসকলে।