মিৰ্জাত সদৌ অসম আন্তঃজিলা জুনিয়ৰ খো-খো প্ৰতিযোগিতাৰ সফল সামৰণি
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- অসম খো-খো সন্থাৰ তত্ত্বাৱধানত কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত,দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ উদ্যোগত ২২ সংখ্যক সদৌ অসম আন্ত:জিলা জুনিয়ৰ (লৰা-ছোৱালী) খো-খো প্ৰতিযোগিতাৰ সফল সামৰণি ৷ দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত গ্ৰাম্য ষ্টেডিয়াম ক্ৰীড়া প্ৰকল্প ফিল্ডত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনি যোৱাকালি দেওবাৰে অন্ত পৰে ৷ উক্ত প্ৰতিযোগিতা খনত লৰাৰ শাখাত ফাইনেল খেলখন তামুলপুৰ জিলাৰ দল বনাম ডিব্ৰুগড় জিলাৰ দলৰ মাজত অনুষ্ঠিত হয় ৷ ফাইনেল খেলখনত তামুলপুৰ জিলাৰ দৰে বিজয় সাব্যস্ত কৰে ৷ দ্বিতীয় স্থানত ডিব্ৰুগড় জিলাৰ দল আৰু তৃতীয় স্থান দক্ষিণ কামৰূপ জিলাৰ দলে দখল কৰে ৷ শ্ৰেষ্ঠ খেলুৱৈ তামুলপুৰ জিলা দলৰ পবিন সুত্ৰাধৰ বিবেচিত হয় ৷ লৰাৰ শাখাৰ খো-খো ফাইনেল খেলখন উদ্বোধন কৰে প্ৰাক্তন খেলুৱৈ আৰু বিশিষ্ট সমাজ সেৱক তপন মালীয়ে ৷ ছোৱালী শাখাৰ ফাইনেল খেলখন তামুলপুৰ জিলাৰ দল বনাম ডিব্ৰুগড় জিলাৰ দলৰ মাজত অনুষ্ঠিত হয়। তামুলপুৰ জিলাৰ দল বিজয়ী হয় ৷ দ্বিতীয় স্থানত ডিব্ৰুগড় জিলাৰ দল আৰু তৃতীয় স্থান দক্ষিণ কামৰূপ জিলাৰ দলে দখল কৰে ৷ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে তামুলপুৰ জিলা দলৰ ৰিম্পী হীৰা বিবেচিত হয় ৷ ছোৱালী শাখাৰ ফাইনেল খেলখন উদ্বোধন অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক হিমাংশু শেখৰ বৈশ্যই। সামৰণি অনুষ্ঠানৰ লগতে বঁটা বিতৰণী সভাত উপস্থিত থাকে উদযাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া,কাৰ্যকৰী সভাপতি নাৰায়ণ চৌধুৰী সাধাৰণ সম্পাদকদ্বয় ৰাঘৱ কুমাৰ দাস,পংকজ কুমাৰ দাসৰ লগতে কুশল মালাকাৰ,প্ৰবিন চন্দ্ৰ দাস, অনুপ কুমাৰ মেধি আদিকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে লগতে উপস্থিত থাকে অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজ লোচন গোস্বামী ৷ সামৰণি অনুষ্ঠানত গীত পৰিৱেশন কৰে গায়ক দীপ দৰ্শনে। সামৰণি ভাষন আগ বঢ়াই পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই ৷ শেষত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰে অনুষ্ঠান সমাপ্তি হয় ৷