মিৰ্জাত মি ফাউণ্ডেচন স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ উদ্দেশ্যি কৰ্মশালাৰ আয়োজন

মিৰ্জাত মি ফাউণ্ডেচন স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ উদ্দেশ্যি কৰ্মশালাৰ আয়োজন

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা-  নিশেষ হৈ যাবলৈ ধৰা সংস্কৃত ভাষাৰ সজাগতাৰ ওপৰত মি ফাউণ্ডেচনৰ উদ্যোগত দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত মিৰ্জা ছোৱালী হাইস্কুল প্ৰাঙ্গণত অহা ১৮ মে ৰবিবাৰে সংস্কৃত পৰিচয় বৰ্গ নামেৰে এখনি এদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷ উক্ত কৰ্মশালাত উপস্থিত থাকিব পলাশবাৰী আৰ,বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা সংস্কৃত বিষয়ৰ শিক্ষক কৈলাশ শৰ্মা আৰু আন এজন সংস্কৃত শিক্ষক ৰঞ্জন গোস্বামী ৷ উক্ত অনুষ্ঠানৰ কাৰ্যসূচীত থাকিব ৰাতিপুৱা ৭.৩০ বজাৰ পৰা ৮ বজালৈ প্ৰ – পত্ৰ পূৰণ আৰু আসন গ্ৰহণ ৷ ৰাতিপুৱা ৮-০০ বজাৰ পৰা ৯-০০ বজালৈ যোগ আৰু প্ৰণয়াম,৯-০০ বজাৰ পৰা ৯-৩০ বজালৈ চাহ বিৰতি,৯-৩০ বজাৰ পৰা ১১-৩০ বজালৈ সংস্কৃত ভাষাৰ ব্যৱহাৰ,১১-৩০ বজাৰ পৰা ১২-০০ বজালৈ প্ৰমাণ পত্ৰ বিতৰণ,১২-০০ বজাত লঘু আহাৰ বিতৰণ। উল্লেখযোগ্য অনুষ্ঠান পৰিচালনাৰ দায়িত্বত থকা ড° শৈলেন্দ্ৰ কুমাৰ দাস,পলাশ কুমাৰ দাস,স্বৰূপজ্যেতি শৰ্মাই আগ্ৰহী সকলক উল্লিখিত ৬০০০৯০৭১১৭ নম্বৰত যোগাযোগ কৰি যোগদান কৰিবলৈ আহ্বান জনাই লগতে সমূহ ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগিতা কামনা কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ অনুৰোধ জনাই ৷