মিৰ্জাত ভয়ংকৰ পথ দুৰ্ঘটনা,থিতাতে নিহত এজন

মিৰ্জাত ভয়ংকৰ পথ দুৰ্ঘটনা,থিতাতে নিহত এজন

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ মিৰ্জাত বুধবাৰে নিশা প্ৰায় ২বাজি ১৩ মিনিটত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ থিতাতে নিহত হয় ডাকঘৰৰ এজেণ্ট সৰপাৰা নিৱাসী লৱ কুমাৰ দাস( ৪০ বছৰ) লগতে গুৰুতৰভাৱে আহত হয় একেখন গাওঁৰে নিতুল ঠাকুৰীয়া নামৰ আন এজন লোক ৷ খবৰমতে, এখন ডাম্পাৰে তেওঁৰ চাৰিচকীয়া বাহনখন মহটিয়াই নিয়াত তেওঁৰ মৃত্যু হয়। দুৰ্ঘটনাগ্ৰস্ত গুৱাহাটীৰ পৰা বিজয়নগৰ অভিমুখী চাৰিচকীয়া বাহনখনৰ নম্বৰ হৈছে এ এচ ০১ এ এল ২৩৯৮ আৰু বিজয়নগৰৰ পৰা গুৱাহাটী অভিমুখী দুৰ্ঘটনা সংঘটিত কৰা বালি ভৰ্তি ডাম্পাৰখনৰ নম্বৰ হৈছে এ এচ ০১ টি চি ৯৮৮২৷ উল্লেখ্য যে দক্ষিণ কামৰূপত বালি ভৰ্তি ডাম্পাৰৰ দৌৰাত্ম্য তথা মিৰ্জা চাৰিআলিৰ চৌপাশে পদচাৰীৰ পদপথত কাঠফুলাৰ দৰে গঢ় লৈ উঠা ব্যৱসায়িক ষ্টল সমূহ সঘনাই সংঘটিত হৈ হোৱা দুৰ্ঘটনাৰ প্ৰধান কাৰণ বুলি ৰাইজে জানিবলৈ দিয়ে লগতে প্ৰশাসনে কেৱল চকু মুদা কুলিৰ ভাও জুৰি কেৱল ৰাজনৈতিক নেতাক তৈলমৰ্দন কৰাৰ ফলত নিৰীহ লোকে প্ৰাণ হেৰুওৱাৰ লগতে সাধাৰণ জনতাই হাৰাশাস্তি ভুগিব লগা হৈছে ৷