মিৰ্জাত ব্যক্তিগতখণ্ডৰ মাল্টিস্পেচিয়েলিটি হস্পিতালৰ শুভ উদ্বোধনী
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ মিৰ্জাৰ টেক্ চিটি বঙৰাত ৬ মে মংগলবাৰে অত্যাধুনিক প্ৰযুক্তি কাৰিকৰী কৌশলৰে সমৃদ্ধ মাল্টিস্পেচিয়েলিটি হস্পিতালৰ শুভ উদ্বোধনী কৰা হয় ৷ উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়া,বিশিষ্ট সমাজকৰ্মী ৰাজেন্দ্ৰ নাথ,নৃপেন ঠাকুৰীয়া,কুশল মালাকৰ,শিক্ষাবিদ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া,বিশিষ্ট ব্যৱসায়ী নাৰায়ণ চৌধুৰী, পংকজ দাসৰ লগতে জেষ্ঠ সাংবাদিক নেত্ৰজিৎ বৰা ৷ উদ্বোধনী অনুষ্ঠানৰ আদৰণি ভাষণ ৰাখে বিধায়ক হেমাঙ্গ ঠাকুৰীয়াই ৷ হস্পিতাল খনৰ মুখ্যদ্বাৰ মুকলি কৰে বিধায়ক হেমাঙ্গ ঠাকুৰীয়াই ৷ উল্লেখযোগ্য হস্পিতালখন সকলোধৰণৰ চিকিৎসাৰ সা- সুবিধাৰে সমৃদ্ধ এখন উন্নত মানদণ্ডৰ হস্পিতাল য’ত জৰুৰীকালীন সেৱাৰ লগতে এম্বুলেন্স জৰুৰী সেৱাও জড়িত হৈ থাকিব ৷ আনহাতে অসমৰ বাহিৰৰ চিকিৎসকেও এই হস্পিতালখনত চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰোগী সকলৰ সুবিধাৰ্থে বিশেষ সেৱাৰ ব্যৱস্থা কৰা হৈছে বুলি হস্পিতাল কৰ্তৃপক্ষই জানিব দিয়ে ৷ যিটো সময়ত ব্যক্তিগতখণ্ডৰ চিকিৎসালয় তথা লেবৰেটৰীবোৰে সৰ্বসাধাৰণ ৰাইজক লুটিপুটি খোৱাৰ অভিযোগ সৰ্বত্ৰে চৰ্চিত বিভিন্ন কেলেংকাৰী,ভুল চিকিৎসাৰ বাবে ৰোগীৰ প্ৰাণহীন হোৱা পৰিলক্ষিত হয় সেই একেই সময়ত দক্ষিণ কামৰূপত স্থাপন হোৱা ব্যক্তিগতখণ্ডৰ মাল্টিস্পেচিয়েলিটি হস্পিতাল খনে এই অঞ্চলৰ ৰাইজৰ লগতে দক্ষিণ কামৰূপবাসীক কিদৰে উপকৃত তথা সেৱা আগবঢ়াব সেয়া সময়তহে লক্ষণীয় হব ৷