মিৰ্জাত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়া নেতৃত্বত পঞ্চায়ত নিৰ্বাচনৰ নৱ- নিৰ্বাচিত প্ৰাৰ্থী সকলৰ সৈতে চিনাকি পৰ্ব অনুষ্ঠানৰ আয়োজন

মিৰ্জাত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়া নেতৃত্বত পঞ্চায়ত নিৰ্বাচনৰ নৱ- নিৰ্বাচিত প্ৰাৰ্থী সকলৰ সৈতে চিনাকি পৰ্ব অনুষ্ঠানৰ আয়োজন ৷

নৱ নিৰ্বাচিত শাসক- বিৰোধীৰ সমূহ প্ৰাৰ্থীয়ে লগেভাগে মিতিৰালিৰে গ্ৰহণ কৰে ভোজভাত

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে বৰ্তমান পদুম – ফুলীয়া হাঁহি বিৰিঙিছে,সমান্তৰালভাৱে পলাশবাৰী সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনত পদুম ফুলৰ চমকপ্ৰদ প্ৰদৰ্শনে শাসকীয় পক্ষক উৎসাহিত কৰিছে ৷ ১৪ মে বুধবাৰে মিৰ্জাৰ অৰকিড পেলেচত দিনৰ ১১ ৰাতিপুৱা ২৯নং পলাশবাৰী সমষ্টিৰ অন্তৰ্গত নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলৰ সৈতে চিনাকি পৰ্ব তথা বিশেষ অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়া ।উক্ত কাৰ্যসূচীত পলাশবাৰী সমষ্টিৰ নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলৰ সৈতে বিধায়ক গৰাকীয়ে চিনাকি হোৱাৰ লগতে অভিনন্দন জনাই । বিধায়ক ঠাকুৰীয়াই আগন্তুক দিনত নৱ নিৰ্বাচিত জন প্ৰতিনিধি সকলক সততা,নিষ্ঠা আৰু দায়িত্ব সহকাৰে ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ হকে সেৱা কৰিবলৈ আহ্বান জনাই। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বিধায়ক হেমাঙ্গ ঠাকুৰীয়াই এখন প্ৰীতিভোজৰো আয়োজন কৰে ৷ উল্লেখযোগ্য আজিৰ চিনাকি পৰ্ব অনুষ্ঠানত নৱ – নিৰ্বাচিত শাসক বিৰোধীৰ সমূহ প্ৰাৰ্থী উপস্থিতি পৰিলক্ষিত হয় লগতে শাসকীয় পক্ষই আয়োজিত কৰা অনুষ্ঠানত বিৰোধী পক্ষৰ প্ৰাৰ্থী সমূহৰ লগত শাসক পক্ষৰ মিতিৰালিৰ লগতে ভোজভাতৰ ৰাজনীতিয়ে পৰৱৰ্তীকালত কিহৰ ইংগিত দিয়ে সেয়া হব লক্ষণীয় ৷