মিৰ্জাত পলাশবাৰী কংগ্ৰেছ কমিটিৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান আৰু আলোচনা চক্ৰ
সভাত ভাষন প্ৰসংগ চলি থকা সময়তে দলীয়কৰ্মীয়ে ক্ষোভিত হৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে
শৈলেন কুমাৰ,মিৰ্জা, ৰঙিলী বাৰ্ত্তাসেৱা- মংগলবাৰে দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত পলাশবাৰী সাহিত্য সভা ভৱনত পলাশবাৰী কংগ্ৰেছ কমিটিৰ উদ্যোগত ২০২৫ বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়োৱা সমূহ সদস্য- সদস্যা সকলৰ লগতে বিজয় প্ৰাৰ্থী সকলক সম্বৰ্ধনা জনাই লগতে এখনি আলোচনা চক্ৰ সভা অনুষ্ঠিত হয় ৷ সভাখনত উপস্থিত থাকে পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মোহন বসুমতাৰী,পলাশবাৰী কংগ্ৰেছৰ যুৱনেতা বিপ্লৱ তালুকদাৰ,কংগ্ৰেছনেত্ৰী মুনমী দত্তৰ লগতে পলাশবাৰী কংগ্ৰেছৰ দলীয় কৰ্মীবৃন্দ ৷ উক্ত সভাখন সভাপতিত্ব কৰে ৰামপুৰ ব্লক কংগ্ৰেছৰ সভাপতি মাখন দাসে ৷ আলোচনা চক্ৰত কংগ্ৰেছ দলৰ বিভিন্ন দিশৰ ওপৰত পৰ্যালোচনা হয় বিশেষকৈ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ শোচনীয় পৰাজয় সন্দৰ্ভত বিস্তাৰ আলোচনা হয় ৷ শেহতীয়াভাৱে পঞ্চায়ত নিৰ্বাচনত অসম জাতীয় কংগ্ৰেছৰ সভাপতি ভুপেন বৰাই পলাশবাৰী সমষ্টিৰ আৰ্থিক দিশৰ দায়িত্ব অসম প্ৰদেশৰ উপ সভাপতি পলাশবাৰীৰ জেষ্ঠনেতা নৃপেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াক অৰ্পণ কৰিছিল যদিও তেখেতে গুৰুত্বহীনভাৱে বিষয়বস্তুৰ পৰা ফালৰি কটা পৰিলক্ষিত হয় যাৰফলত পলাশবাৰীত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়,সভাত পলাশবাৰীৰ কংগ্ৰেছৰ দলীয়কৰ্মী সকলে জেষ্ঠনেতাজনৰ ওপৰত ক্ষুদ্ধ হৈ ক্ষোভ প্ৰকাশ কৰি সভাত উত্তেজিত হোৱা পৰিলক্ষিত হয় ৷ আনহাতে অসম জাতীয় কংগ্ৰেছৰ একাংশ জেষ্ঠনেতাই গুৱাহাটীৰ পৰা ফোনযোগে পলাশবাৰী সমষ্টিত ৰাজনীতি কৰি থকাৰ অভিযোগ উথাপন কৰে পলাশবাৰীৰ দলীয়কৰ্মীয়ে,সেই সকল নেতাক তীব্ৰ গৰিহণাৰে কঠোৰ সকীয়নি দিয়ে ৷ সভাত একাংশ দালালৰূপী কংগ্ৰেছীনেতাৰ কথা উথাপন হোৱাত সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ আনহাতে আগন্তুক বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলে সাংগঠনিক ভাৱে শক্তিশালী ৰূপে দলেবলে প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াই বিজেপিক মষিমূৰ কৰিবলৈ সাজু হৈছে বুলি জানিবলৈ দিয়ে ৷ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি নৃপেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াৰ ওপৰত অসম প্ৰদেশ কংগ্ৰেছে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই পলাশবাৰীৰ কংগ্ৰেছ দলীয়কৰ্মীয়ে ৷ উল্লেখযোগ্য শেহতীয়াভাৱে হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত অসম প্ৰদেশ কংগ্ৰেছত লক্ষলক্ষ টকাত টিকট বিক্ৰী হয় ৷ জানিব পৰা মতে উক্ত টকা কোনো নিৰ্বাচনৰ ক্ষেত্ৰত খৰচ হোৱা দেখা নাই,এতিয়া সচেতন মহলত এটাই প্ৰশ্ন টকা আত্মসাত কৰিলে কোনে ? শেহতীয়া পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাত হাইপ্ৰফাইল কোনো নেতা দেখা পোৱাত পৰিলক্ষিত নহল,একমাত্ৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ বাহিৰে কোনো অন্য নেতাই আগভাগ নলোৱাটো সৰ্বত্ৰে চৰ্চিত হৈছে ৷