মিৰ্জাত ডাম্পাৰৰ চেপাত মহিলাৰ মৃত্যু

pc- onmanorama

মিৰ্জাত ডাম্পাৰৰ চেপাত মহিলাৰ মৃত্যু

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মিৰ্জাৰ জামৰতলত কালি সন্ধিয়া সংঘটিত এটি পথ দুৰ্ঘটনাত ৰাণী অঞ্চলৰ কমাৰগাঁও-হকখাবড়ীৰ ললিতা দাস নামৰ এগৰাকী মহিলাৰ মৃত্যু হয়। ঘটনাৰ বিৱৰণিমতে,কালি সন্ধিয়াৰ ভাগত এই মহিলা গৰাকীয়ে স্বামীৰ সৈতে মটৰ চাইকেলেৰে আহি আছিল। তেনেস্থলত এই মটৰচাইকেলখনত এখন দ্ৰুতবেগী ডাম্পাৰে খুন্দা মাৰে। পিচত মহিলা গৰাকী ৰাজপথত ওলাই পৰে। লগে লগে এই ডাম্পাৰখনে এই মহিলা গৰাকীক মহটিয়াই লৈ যায়। আৰু মহিলা গৰাকীৰ মৃত্যু সংঘটিত হয়। লগতে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ডাম্পাৰসহ চালকক আটক কৰি থানালৈ আনে। পিচত ততাতৈয়াকৈ মহিলা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও মহিলা গৰাকীক মৃত ঘোষণা কৰে।আজি বিয়লিৰ ভাগত মহিলা গৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত তেওঁৰ নশ্বৰ দেহ নিজ ঘৰলৈ অনাত এক শোকাকূল পৰিৱেশৰ সৃষ্টি হয়। আজি মহিলা গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁ মৃত্যুৰ সময়ত স্বামীসহ পুত্ৰ,কন্যাক এৰি থৈ যায়। উল্লেখ যে, আৰক্ষী প্ৰশাসন তথা বনবিভাগক মেনেজ কৰি দক্ষিণ কামৰূপত চলা ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে সঘনাই এনে ঘটনা সংঘটিত হৈ আহিছে।