মিৰ্জাত কৃষক প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন
মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিত ১৮ আগষ্টত মিৰ্জাস্থিত কৃষি উন্নয়ন খণ্ড কাৰ্যালয়ত কৃষকসকলক পুণৰুজ্জীৱিত কৰণৰ বাৱে জৰীপকাৰী তত্বাৱধায়কৰ এটি প্ৰশিক্ষণ কাৰ্যসূচী অনুস্থিত হৈ যায়।উক্ত প্ৰশিক্ষণ কাৰ্যসূচী সমল ব্যক্তি হিচাপে বনগাঁও উন্নয়ন খণ্ডৰ কৃষি উন্নয়ন বিষয়া তথা ৰামপুৰ উন্নয়ন খণ্ডৰ পৰ্যবেক্ষক কৃষি উন্নয়ন বিষয়া জ্যোতি ঠাকুৰীয়া, ৰাণী উন্নয়ন খণ্ডৰ কৃষি উন্নয়ন বিষয়া ভাস্বতী শৰ্মা, বৰদুৱাৰ খণ্ড উন্নয়ন বিষয়া তথা মিৰ্জা খণ্ড পৰ্যবেক্ষক ৰিমজিম শিখা বৰা আৰু এ,ই,এচ হিতেশ দাস, মোহিতেশ দাস বৰ্মণ উপস্থিত থাকে ।প্ৰশিক্ষণ কাৰ্যসূচীত আটাইকেইগৰাকী কৃষি বিষয়াই প্ৰশিক্ষাৰ্থী সকল ক” ডি চি এই” ৰ জৰিয়তে দেশৰ কৃষিখণ্ডক আধুনীকিকৰণৰ বাবে যুগান্তকাৰী পদক্ষেপ গ্ৰহণেৰে কৃষিভূমি আৰু শষ্যৰ আৰ্হিৰ এক বিস্তৃত আৰু বাস্তৱ সময়ৰ তথ্যকোষ সৃষ্টি কৰা , উন্নত নীতি পৰিকল্পনাৰে সম্পদ আৱণ্টন আৰু কৃষক সকলৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণ সমৰ্থনৰ বাবে এক গুৰুত্বপূৰ্ণ আহিলা হিচাপে কাম কৰিববুলি উল্লেখ কৰে ।