মিৰ্জাত অৰ্ধ গলিত পুৰুষৰ মৃতদেহ উদ্ধাৰ
পলাশবাৰী আৰক্ষী থানা আৰু ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সমীপতে এই ঘটনা
মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা-পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মির্জাস্থিত পলাশবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সমীপতে আজি অর্ধগলিত অৱস্থাত থকা এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। প্ৰথমে এই মৃতদেহটি কোনো লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে পিচত ঘটনাস্থলীত উপস্থিত হৈ এই অচিনাক্ত পুৰুষৰ মৃতদেহটি উদ্ধাৰ কৰি থানালৈ আনে। আৰক্ষীয়ে এই সন্দৰ্ভত কোনো সদাশয় লোকক পলাশবাৰী আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। আনহাতে একাংশ লোকে পলাশবাৰী আৰক্ষী থানা আৰু পলাশবাৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ সমীপতে এইদৰেই এটি অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত আশ্চৰ্য প্ৰকাশ কৰে। এই মানুহজনক কোনোৱে হত্যা কৰি পেলাই থৈ যাব পাৰে বুলি সন্দেহ কৰে। অৱশ্যে আৰক্ষীৰ তদন্তৰ পিচতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব।