মিতভাষ স্রষ্টা ড॰ নগেন শইকীয়াক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ডি. লিট সন্মান প্ৰদান

মিতভাষ স্রষ্টা ড॰ নগেন শইকীয়াক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ডি. লিট সন্মান প্ৰদান

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁওস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় কতৃৰ্পক্ষই প্ৰথিতযশা সাহিত্যিক, সাহিত্য একাডেমী ফেল’ তথা মিতভাষৰ স্ৰষ্টা অধ্যাপক ডঃ নগেন শইকীয়াক তেখেতৰ ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰস্থিত পুথিভঁৰাল ‘বৰ্ণমালা’ত ডি. লিট সন্মান আনুষ্ঠানিকভাৱে প্ৰদান কৰে৷ যোৱা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত বিশ্ববিদ্যালয় কতৃৰ্পক্ষই আয়োজন কৰা এই আনুষ্ঠানিক সন্মান প্ৰদান অনুষ্ঠানত শাৰিৰীক অসুস্থতাৰ হেতুকে উপস্থিত থাকিব নোৱৰাত আজি (২৬-২-২৬) বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা সংঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা বাপে আনুষ্ঠানিকভাৱে সাতজনীয়া এটি দলসহ উপস্থিত হৈ নিজে সাহিত্যিক গৰাকীক এই সন্মান প্ৰদান কৰে৷ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ অশোক কুমাৰ বৰা, পঞ্জীয়ক ড॰ শৰৎ হাজৰিকাই ডি. লিট প্ৰদানৰ এই কাৰ্যসূচীত সহযোগিতা আগবঢ়ায়৷ অনুষ্ঠানত ড০ নগেন শইকীয়া সাৰস্বত ন্যাস পৰিষদৰ সভাপতি, প্ৰাক্তন উপাচাৰ্য তথা সাৰস্বত ন্যাস পৰিষদৰ সভাপতি ড॰ কন্দৰ্প কুমাৰ ডেকা, সাহিত্যাচাৰ্য ড॰ কৰবী ডেকা হাজৰিকা, ড॰ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ, প্ৰাধ্যাপক ড॰ পল্লৱী ডেকা বুজৰবৰুৱা, সহকাৰী অধ্যাপক ড॰ যাদৱ বৰা, কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ নৰেন্দ্ৰ মাহেলা, দীপক গগৈ, ন্যাসৰ সম্পাদক বীৰেন বৰুৱা, প্ৰচাৰ সচিব ৰতন হাজৰিকা, সংযোজক ড॰ মন্দিৰা বৰঠাকুৰ শইকীয়া, সংঘৰ সাহিত্য শাখাৰ সভাপতি ড॰ মৃণাল কুমাৰ বৰুৱা, সংঘৰ ডিব্ৰুগড় জিলা সম্পাদক ব্ৰজানন্দ ভূঞাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ ডি. লিট প্ৰদানৰ অনুষ্ঠানৰ আঁত ধৰে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড॰ শৰৎ হাজৰিকাই৷ অনুষ্ঠানত ন্যাস পৰিষদৰ তৰফৰ পৰা সভাপতি ড॰ কন্দৰ্প কুমাৰ ডেকা, সম্পাদক বীৰেন বৰুৱাই ধন্যবাদসূচক বক্তব্য আগবঢ়োৱাৰ লগতে ড০ নগেন শইকীয়া ৰচনাৱলীৰ চাৰিটা খণ্ড বিশ্ববিদ্যালয়লৈ বুলি উপাচাৰ্য ড॰ অশোক কুমাৰ বৰাৰ হাতত অৰ্পণ কৰে৷ তদুপৰি সাহিত্যিক গৰাকীৰ পৰিয়ালৰ তৰফৰ পৰাও একোখন গামোচাৰে পদাধিকাৰ, উপাচাৰ্য আৰু পঞ্জীয়কক আদৰণি জ্ঞাপন কৰে৷ অনুষ্ঠানত সংঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই ড০ নগেন শইকীয়াৰ সৃষ্টি, চিন্তা আৰু ব্যক্তিত্ব সম্পৰ্কে আলোকপাত কৰি বক্তব্য আগবঢ়ায়৷