মিতভাষৰ স্ৰষ্টা ড০ নগেন শইকীয়া ৮৮বছৰত ভৰি দিলে
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ৮৮ বছৰত ভৰি দিলে প্ৰথিতযশা সাহিত্যিক, মিতভাষৰ স্ৰষ্টা, সাহিত্যৰ অকাদেমি ফেল’ ড॰ নগেন শইকীয়াই৷ এই উপলক্ষে ১১-২-২০২৬ৰ পুৱাৰে পৰা জীৱন ফুকন নগৰস্থিত সাহিত্যিক গৰাকীৰ বাসভৱন ‘বৰ্ণমালা’ত ভিৰ কৰে অলেখ শুভাকাংক্ষী তথা গুণমুগ্ধই৷ সকলোৱে সাহিত্যিক গৰাকীৰ জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে সুস্বাস্থ্য কামনা কৰি গামোচা, ফুলৰ তৰা, স্মৃতিবিজড়িত ফটো আদিৰে শ্ৰদ্ধা জ্ঞাপন কৰি সুস্বাস্থ্য কামনা কৰে৷ বিয়লি সাহিত্যিক গৰাকীৰ বাসগৃহ ‘আশ্ৰয়’ত সাৰস্বত ন্যাসৰ উদ্যোগত ‘মিতভাষ দিৱস’ উদ্যাপন কৰা হয়৷ সাহিত্যক গৰাকীৰ স্বাস্থ্যজনিত কাৰণত চলিত বৰ্ষৰ পৰা ৰাজহুৱা স্থানত মিতভাষ দিৱস আয়োজন কৰাত হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবছৰে আয়োজন কৰি অহা বক্তৃতানুষ্ঠানটো বাতিল কৰি এইবাৰ এক শাস্ত্ৰীয় সংগীতানুষ্ঠানৰ আয়োজন কৰা হয়৷ উক্ত অনুষ্ঠানত আৰম্ভণিতে ন্যাসৰ কাম-কাজৰ চমুকৈ আলোকপাত কৰাৰ লগতে¸ আদৰণি ভাষণ প্ৰদান কৰে ন্যাসৰ সম্পাদক বীৰেন বৰুৱাই৷ আনহাতে নগেন শইকীয়াৰ জীৱন-কৃতী আৰু মিতভাষ সম্পৰ্কত চমুকৈ আলোকপাত কৰাৰ লগতে কেইটিমান মিতভাষ পাঠ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বেজবৰুৱা আসনৰ ভূতপূৰ্ব অধ্যাপক, সাহিত্যাচাৰ্য ড॰ কৰবী ডেকা হাজৰিকাই৷ ন্যাসৰ প্ৰচাৰ সম্পাদক ৰতন হাজৰিকাই শলাগ জ্ঞাপন কৰা অনুষ্ঠানত আৰম্ভণিতে ৮৮ গছি বন্তি প্ৰজ্বলন কৰা হয়৷ ইয়াৰ পিছতে শ্ৰীভাৰতী কলেজৰ অধ্যাপক ড॰ চুমি ফুকনৰ পৰিচালনাত গুৰু-শিক্ষাৰ্থীবৃন্দ ক্ৰমে কৃষ্ণা পংকজা দত্ত, প্ৰণতি বৰা, লিপিকা শইকীয়া, মনীষা মাউট, ৰাজকৃষ্ণ গগৈৰ সহযোগত বৰগীত, সৰস্বতী বন্দনা, ৰামভজন, খেয়াল আৰু খোলবাদন পৰিৱেশন কৰে৷ তদুপৰি মিতালী কুৰ্মীৰ চাদ্ৰী ভাষাৰ গীত পৰিৱেশনে সকলোকে আপ্লুত কৰে৷ উক্ত অনুষ্ঠানতে সাৰস্বত ন্যাস পৰিষদ, প্ৰহৰী, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব, ডিব্ৰুগড় প্ৰেছ ক্লাব, ডিব্ৰুগড় সাহিত্য সভা, শ্ৰীভাৰতী কলেজ, ডিব্ৰুগড় চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজ, ডিব্ৰুগড় জিলা মইনা পাৰিজাতকে ধৰি বিভিন্ন অনুষ্ঠান-সংগঠনৰ লগতে অনেক শুভাকাংক্ষী আৰু গুণমুগ্ধই ফুলাম গামোচা, ফুলৰ থোপা, অংকিত ফটো আদিৰে সাহিত্যিক গৰাকীক জন্মদিনৰ শুভেচ্চা জ্ঞাপন কৰে৷ উক্ত অনুষ্ঠানতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ তৰফৰ পৰা পৰৱৰ্তী বৰ্ষৰ পৰা বিভাগটোৰ যৌথ উদ্যোগত আনুষ্ঠানিকভাৱেপ্ৰ অহা বছৰৰ পৰা অধিক বহল পৰিসৰত ‘মিতভাষ দিৱস’ আয়োজন কৰাৰ সিদ্ধান্তৰ কথা পত্ৰযোগে জানিবলৈ দিয়ে বিভাগটোৰ মুৰব্বী অধ্যাপক ড॰ জয়ন্ত কুমাৰ বৰাই৷ অনুষ্ঠানত ন্যাসৰ সভাপতি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য ড॰ কন্দৰ্প কুমাৰ ডেকা, ন্যাসৰ সহকাৰী সম্পাদক ড॰ সত্যকাম বৰঠাকুৰ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈ, কোষাধ্যক্ষ গৌতম শইকীয়া, সংযোজক ড॰ মন্দিৰা বৰঠাকুৰ শইকীয়া, দিলীপ তামুলী, গায়ত্ৰী বৰুৱা, দেৱীপ্ৰসাদ বাগড়োদিয়াকে ধৰি ন্যাসৰ সকলো সদস্য-সদস্যা আৰু পৰিয়ালবৰ্গৰ লগতে দুকুৰিৰো অধিক গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠান পৰিৱেশন কৰা শিল্পীবৃন্দ, ন্যাসৰ কৰ্মকৰ্তা আৰু অনুৰাগীৰ মৰম-শ্ৰদ্ধাত আপ্লুত হৈ নিজৰ অনুভৱ ব্যক্ত কৰি ড॰ নগেন শইকীয়াই কয় যে মোৰ ভিতৰত সদায় এটা বেলেগ মানুহ ধৰি ফুৰাওঁ; যিটো মানুহ সি হয়তো নিজতকৈ ক’ৰবাত বেলেগে হ’ব পাৰে৷ তাৰ মূল্য কিমান মই নেজানো৷ কিন্তু মই মানুহক অনুপ্ৰেৰণা দিবলৈ যত্ন কৰিব খোজো৷ যে এইখিনিৰে স’তে আমি তেওঁলোকক অনুপ্ৰেৰণা দিব পাৰো আৰু আমি তেওঁলোকক আমাৰ মাজলৈ লৈ আনিব পাৰো৷ মোৰ বয়স হৈ আহিছে৷ মই যে আৰু কিমান টিকিব পাৰিম ক’ব নোৱাৰো৷ গতিকে মই ভাৱিছো যে এই অনুষ্ঠানটো ন্যাসে ৰক্ষা কৰিব লাগিব৷ ৰক্ষা কৰিব লাগিব এই অৰ্থত যে আমি যাতে হেৰুওৱাব নেলাগিব৷ আমি যোগ দিব লাগিব৷ এই লক্ষ্যৰে আপোনাসৱে যদি কাম কৰে তেন্তে এই অনুষ্ঠানটো থাকিব৷ এইটো লাগিলে নগেন শইকীয়াৰ নামত নেথাকক লাগিলে, কোনো কথা নাই৷ ই এটা অনুষ্ঠান হিচাপে যদিহে থাকিব তেন্তে তাৰ মূল্য বহুগুণে বাঢ়ি যাব বুলিও সাহিত্যিক গৰাকীয়ে চমু ভাষণত উল্লেখ কৰে৷
